এক সপ্তাহত গুৱাহাটীত ৩২ বেংক একাউন্ট লুট হেকাৰৰ

এক সপ্তাহত গুৱাহাটীত ৩২ বেংক একাউন্ট লুট হেকাৰৰ

এক সপ্তাহত গুৱাহাটীত ৩২ বেংক একাউন্ট লুট হেকাৰৰ ৷ আমি প্ৰায়ে সাঁচতীয় টকা ঘৰৰ পৰিৱৰ্তে বেংক একাউন্টত জমা কৰি স্বত্বিৰ নিশ্বাস লওঁ ৷ কাৰণ ঘৰৰ পৰিৱৰ্তে আমি বেংকত আমাৰ উপাৰ্জনৰ ধন জমা কৰিলে আমি সকাহ পাওঁ যে অন্তত আমাৰ কষ্টৰে উপাৰ্জিত ধনসমূহ নিৰাপদ স্থানত আছে।

কিন্তু সম্প্ৰতি এই ক্ষেত্ৰত এক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে মহানগৰ আৰক্ষীৰ লগতে মহানগৰ বাসিন্দাসকল। ইতিমধ্যে বহু বেংকৰ বহু সাঁচতীয়া ধন এটিএম আৰু পেটিএমৰ পৰা বহু হেকাৰ্ছে কৌশলপূৰ্ণ ভাৱে ধন আত্মসাৎ কৰিছে ৷ ইফালে আগষ্টৰ ২৪ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে দিছপুৰ আৰক্ষী থানাত ১৮ টা কেছ দাখিল হৈছে । আৰু এনেধৰণে লুট কৰি নিয়া বেংকসমূহৰ ভিতৰত আছে আইডিবিআই,এচবিআই,এইচডিএফচি, ইউনিয়ন বেংকৰ লগতে আন বহুতো।

আনহাতে দাখিল কৰা ১৮ টা কেছ অনুসৰি প্ৰায় ৭১০০০,১৪,৫০০, ২৫০০০,৩৪০০০, ১২০০০,৮০০০০, ৪০০০০,২০০০০০, ২০০০০,৪০০০০, ২০০০০,১২০০০, ৩৮০০০,৬৫০০০, ১০০০০,১০০০০০ টকা বিভিন্ন একাউন্টৰ পৰা লুটি নিয়ে হেকাৰে ।ইফালে বৃহস্পতি বাৰে ৰাজেন্দ্ৰ দৈমাৰীৰ ১০০০০০ আৰু জোনমণি শইকীয়াৰ ১৪৫০০ টকা লুটি লৈ যোৱাৰ কেছ দাখিল কৰে ৷

আনহাতে পল্টন বজাৰ আৰক্ষী থানাত ১৪ টা কেছ দাখিল হয়। ইয়াৰে ২৫০০০ টকাৰ বিৰুদ্ধে ৯৬০/১৯ নম্বৰ কেচ দাখিল হয়,১৪০০০ ৰ বিৰুদ্ধে ৯৬১/১৯,৪০০০০ ৰ বিৰুদ্ধে ৯৬২/১৯,১০০০০০ ৰ বিৰুদ্ধে ৯৬৪/১৯ ,৩০০০ টকাৰ বিৰুদ্ধে ৯৬৫/১৯,১৯০০০ টকাৰ বিৰুদ্ধে ৯৬৭/১৯ টকা,২৩০০০ টকাৰ বিপৰীতে ৯৬৮/১৯,৫০০০ টকাৰ বিপৰীতে ৯৬৯/১৯,৪০০০০ টকাৰ বিপৰীতে ৯৭০/১৯,১৬০০০ টকাৰ বিপৰীতে কেছ নম্বৰ ৯৭১/১৯, ৬০০০০ টকাৰ বিপৰীতে কেছ নম্বৰ ৯৭৩/১৯,শুক্ৰবাৰে ২০৫০০ টকাৰ বিপৰীতে ৯৭৬/১৯ আৰু ২২০০০ টকাৰ বিপৰীতে ৯৭৮/১৯ নম্বৰ কেছ দাখিল হয় ৷

উল্লেখ্য যে বিগত সময়ত এটা এটিএমত হেকাৰে কেমেৰা,মেমৰী কাৰ্ড,আৰু সৰু ডাটা ডিভাইচ লগাই থোৱা এজন লোকে প্ৰত্যক্ষ কৰে । আৰু ইয়াৰ পিছতেই নিশ্চিত হয় যে এই কাৰ্য কৰিছিল এটিএম হেকাৰে ৷ গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:State Agriculture Minister Atul Bora in Dhemaji

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com