ক’ৱিড-১৯ মহামাৰীঃ ভাৰতৰ ক্ষতি হ’ব ৯ লক্ষ কোটি টকা !

ক’ৱিড-১৯ মহামাৰীঃ ভাৰতৰ ক্ষতি হ’ব ৯ লক্ষ কোটি টকা !
ক’ৱিড-১৯ মহামাৰীৰ জোঁকাৰণিত ভাৰতৰ সামগ্ৰিক ক্ষতি কমেও ৯ লক্ষ কোটি টকা হ’ব ৷ এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ব্ৰিটিছ বিত্ত বিশ্লেষক সংস্থা বাৰ্কলেইজে ৷ এই মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য যোৱা নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১-দিনীয়া ৰাষ্ট্ৰজোৰা তলাবন্ধ ঘোষণা কৰি কয় যে এই তলাবন্ধৰ ফলত দেশে বিস্তৰ আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব ৷ সম্প্ৰতি একে কথাই দোহাৰিছে ব্ৰিটিছ বিত্ত বিশ্লেষক সংস্থাটোৱে ৷ সংস্থাটোৱে স্পষ্টভাৱে কৈছে যে ক’ৱিড-১৯মহামাৰীৰ প্ৰভাৱত অৱৰ্ণনীয় আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব ৷ ইয়াৰ পৰিমাণ দেশৰ মুঠ ঘৰুৱা উৎপাদন(জি ডি পি)ৰ চাৰি শতাংশ বা ৯ লক্ষ কোটি টকা হ’ব ৷ উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বেই দেশ অৰ্থনৈতিক সংকটৰ গৰাহত পৰে ৷ ফলস্বৰুপে আগন্তুক দিনত দেশ ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷ ইতিমধ্যে ব্যৱসায়-বাণিজ্য একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৷ ইপিনে, মহামাৰীৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এক আঠদফীয়া আৰ্থিক সকাহ ঘোষণা কৰে ৷ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি আগন্তুক তিনিমাহলৈ মাচুল অবিহনে যিকোনো এ টি এমৰ পৰা উলিয়াব পাৰিব ধন। কেন্দ্ৰীয় চৰকাৰে ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । তদুপৰি বহু নীতি-নিৰ্দেশনাও জাৰি কৰিছে। ভয়ংকৰ ৰূপ ধাৰণ কৰা এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনতাক সকাহ দিবলৈ চৰকাৰে লৈছে আন এক সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি আগন্তুক তিনি মাহলৈ যি কোনো এ টি এমৰ পৰা টকা উলিয়ালে বৰ্তমানৰ লেখীয়াকৈ কোনো মাচুল আদায় দিব নালাগে। তদুপৰি অহা ৩০ জুনলৈ গ্ৰাহকৰ একাউণ্টত কোনো সৰ্বনিম্ন ধন জমা নাথাকিলেও বেংকে কোনো মাচুল কৰ্তন নকৰে। এই ৰেহাইৰ কথা সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ৷
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ দেশৰ জনতাই যোৱা দেওবাৰে জনতা সান্ধ্য আইন পালন কৰে । তাৰ পিছতেই দেশত লক-ডাউন ঘোষণা কৰা হৈছে ৷ লক-ডাউনৰ সময়ত যাতে জনতাই হাৰাশাস্তি ভোগ কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ইয়াৰ উপৰি আন বহু ৰেহাই ঘোষণা কৰিছে বিত্ত মন্ত্ৰী সীতাৰমণে। ইয়াৰ অংশৰূপে আধাৰ কাৰ্ড- পানকাৰ্ড সংযোজনৰ অন্তিম তাৰিখ অহা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে।
উল্লেখ্য যে বিশ্বৰ লগতে ভাৰততো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৱিড-১৯ সংক্ৰমণৰ ঘটনা । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আজি মঙলবাৰে নিশা আঠ বজাত পুনৰ দেশবাসীক উদ্দেশ্যি বিশেষ ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে ক’ৰ’না মহামাৰী সম্পৰ্কত দেশবাসীক উদ্দেশ্যি প্ৰথমটো ভাষণ দিছিল। আজি পুনৰ তেওঁ নিশা আঠ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিব। টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
অন্য খবৰৰ বাবে পঢ়ক: বিশ্বত আৰ্থিক মন্দাৰ আশংকাঃ ক’ৰ’নাৰ ৰম্যপুৰী হোৱাৰ দিশে আমেৰিকা
ভিডিঅ প্ৰতক্ষ্য কৰক: Sellers take advantage of helplessness of panic stricken citizens by overpricing commodities