ক’ৰ’না আতংক: দেশত বিগত ২৪ ঘন্টাত নতুনকৈ ১,১৭৩ লোক আক্ৰান্ত মহামাৰীত

ক’ৰ’না আতংক: দেশত বিগত ২৪ ঘন্টাত নতুনকৈ ১,১৭৩ লোক আক্ৰান্ত মহামাৰীত

ক’ৰ'না আতংক: দেশত বিগত ২৪ ঘন্টাত নতুনকৈ ১,১৭৩ লোক আক্ৰান্ত মহামাৰীত । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশৰ প্ৰতিখন জিলাক তিনিটা মণ্ডলত বিভক্ত কৰা হৈছে। যোৱা ২৪ ঘণ্টাত দেশত ১,১৭৩ জন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয় ৷ ইয়ে হৈছে ২৪ ঘন্টীয়া এক সময়সীমাত আক্ৰান্ত হোৱা সৰ্বাধিক সংখ্যক লোক ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ‌ পৰা ৰক্ষা পাবৰ বাবে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । দেশত বৰ্তমানলৈ ১১,৪৩৯ জন‌ লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে। ইয়াৰে ৩৭৭ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। ১,৩০৬ জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে ।

উল্লেখ্য যে দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন জন লোক ক’ৰনা মহামাৰীত আক্ৰান্ত হৈছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ৪০ জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত । ইয়াৰে অসমৰ আৰু মেঘালয়ৰ এজনকৈ আক্ৰান্ত ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com