Begin typing your search above and press return to search.

ক’ৰ’নাৰ সংহাৰৰ প্ৰকৃত তথ্য গাপ দিছেঃ বিশ্ব স্বাস্থ্য সংস্থালৈ পুঁজি যোগান বন্ধ কৰিলে আমেৰিকাই

ক’ৰ’নাৰ সংহাৰৰ প্ৰকৃত তথ্য গাপ দিছেঃ বিশ্ব স্বাস্থ্য সংস্থালৈ পুঁজি যোগান বন্ধ কৰিলে আমেৰিকাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 April 2020 6:49 AM GMT

ক’ৰ’নাৰ সংহাৰৰ প্ৰকৃত তথ্য গাপ দিছেঃ বিশ্ব স্বাস্থ্য সংস্থালৈ পুঁজি যোগান বন্ধ কৰিলে আমেৰিকাই

চীনৰ উহানৰ পৰা সৃষ্ট হৈ প্ৰায় সমগ্ৰ বিশ্বত সংহাৰ চলোৱা ক’ৰ’না মহামাৰীৰ প্ৰকৃত তথ্য গাপ দিয়াৰ অভিযোগ তুলি বিশ্ব স্বাস্থ্য সংস্থা(হু)লৈ পুঁজি যোগান বন্ধ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ চীনৰ প্ৰতি অহেতুক দৰদ প্ৰদৰ্শন কৰি বিশ্ব স্বাস্থ্য সংস্থাই এনে আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাম্প প্ৰশাসনে ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ কৱিড-১৯অ-ব্যৱস্থাপনাক লৈ গৰজি উঠি কয়, “ হুৱে প্ৰকৃত তথ্য গাপ দি সমগ্ৰ বিশ্বক সংকটলৈ ঠেলি দিলে। সংস্থাটোৱে চীনৰ প্ৰতি অহেতুক দৰদ প্ৰদৰ্শন কৰিছে ৷ আমি পুঁজিৰ যোগান বন্ধ কৰিলোঁ৷ ” উল্লেখ্য যে আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থালৈ চলিত বৰ্ষত চাৰিশ নিযুত ডলাৰৰ পুঁজি যোগান ধৰে ৷ ইপিনে, বিশ্বত ক’ৱিড-১৯মহামাৰীত মৃতৰ সংখ্যা লক্ষাধিকলৈ বৃদ্ধি পাইছে ৷ ভাৰততো মৃতৰ সংখ্যা ৩৭০ৰ উৰ্ধলৈ বৃদ্ধি পাইছে ৷

অন্য খবৰৰ বাবে পঢ়ক: মানৱ শৰীৰত ক’ৰ’না ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষা চলি আছেঃ বিশ্ব স্বাস্থ্য সংস্থা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি