প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত উন্নতিৰ পথত আগুৱাই গৈছে:ভূৱনেশ্বৰ কলিতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত উন্নতিৰ পথত আগুৱাই গৈছে:ভূৱনেশ্বৰ কলিতা

সদ্যহতে বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত ভাৰতে উন্নত দেশৰ লগত সমতা ৰক্ষা কৰি আগবাঢ়ি যাব। লগতে বিজেপি আৰু কংগ্ৰেছৰ তুলনা কৰি কয় যে কংগ্ৰেছত কেৱল নেতাহে আছে কেডাৰ নাই ৷ কিন্তু বিজেপিত সকলোৱে একোজন কেডাৰ ৷ ভূৱনেশ্বৰ কলিতাই ৫ আগষ্টত কংগ্ৰেছ দল ত্যাগ কৰি ৯ আগষ্টত নতুন দিল্লীত বিজেপিত যোগদান কৰিছিল ৷

ইয়াৰ পিছত শনিবাৰে অসমত উপস্থিত হয় ভূৱনেশ্বৰ কলিতা ৷ দেওবাৰে কলিতা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতেই দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে তেওঁক আদৰণি জনায় ৷ অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধিত কৰি কলিতাই মন্তব্য কৰে যে মই চাৰিটা দশকতকৈও অধিক সময় কংগ্ৰেছত থকাৰ পিছত বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ল’লো ৷মই নীতি নিয়মৰ ৰাজনীতিক বিশ্বাস কৰোঁ ৷

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ভাৰতক এক নতুন গতি প্ৰদান কৰিবৰ কাৰণে প্ৰয়াস কৰিলে ৷ তেওঁলোকৰ প্ৰয়াসে বহু সংখ্যক উন্নতি প্ৰদান কৰিলে। দেশবাসীয়ে এক শক্তিশালী নেতৃত্ব বিচাৰে, যাতে অন্যান্য দেশৰ লগত খোজ মিলাই আগুৱাই যাব পাৰে । মই আশা কৰিছোঁ, মোডীৰ শক্তিশালী নেতৃত্বত ভাৰতে উন্নত দেশসমূহৰ লগত আগুৱাই যাব। ভাৰত সম্প্ৰতি এখন শক্তিশালী দেশ ৷ বিজেপিত যোগদান কৰা কলিতাই লগতে কয় যে ভাৰতে কাষৰীয়া দেশসমূহৰ নেতৃত্ব ল’ব ৷

জী ২০ আৰু অন্যান্য বিকশিত দেশসমূহেও ভাৰতৰ ভূমিকাক সমৰ্থন কৰিছে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অন্তৰ্গতত ভাৰতত এক শক্তিশালী অৰ্থনৈতিক ব্যৱস্থাৰ বৃদ্ধি হৈছে । আনহাতে বিজেপিত যোগদান কৰা সন্দৰ্ভত কলিতাই কয় যে বিৰোধী দল হিছাপে কংগ্ৰেছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিজেপি চৰকাৰৰ কিছু সিদ্ধান্ত যেনে ত্ৰিপুল তালাক,ইউএপিএ আইন আদি সমৰ্থন কৰিছে ৷

ৰাজ্যসভাত যেতিয়া অনুচ্চেদ ৩৭০ ৰ প্ৰসংগ উত্থাপন হ’ল তেতিয়া চিডব্লিউচিয়ে অন্য বিৰোধী দলৰ লগতে দলৰ অন্তৰ্গতত কোনো চৰ্চা নকৰিলে ৷কংগ্ৰেছ সংসদীয় সমিতিয়ে এই বিষয়টোৰ ক্ষেত্ৰত কোনো মন্তব্য নিদিলে। ৰাজ্যসভাত কংগ্ৰেছৰ জেষ্ঠ্য নেতা হিছাপে মোৰ ক্ষেত্ৰত পৰিস্থিত ইতিবাচক নাছিল ৷লগতে জম্মু কাশ্মীৰত অনুচ্ছেদ ৩৭০ ৰ কাৰণে কোনো ধৰণৰ প্ৰগতিশীল কাম হোৱা নাছিল বুলি মন্তব্য কৰে ভুৱনেশ্বৰ কলিতাই ।মোৰ বিশ্বাস বিজেপিৰ সিদ্ধান্তত ভাৰতৰ উন্নতি হ’ব ৷

সম্প্ৰতি কংগ্ৰেছত কেৱল নেতাহে আছে কেডাৰ নাই ৷কিন্তু বিজেপিত সকলো কেডাৰ ৷ উল্লেখ্য যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত কলিতাৰ পদক্ষেপ কি হ’ব ৷ কাৰণ কংগ্ৰেছৰ এগৰাকী সাংসদ হিছাপে ভূৱনেশ্বৰ কলিতা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ কৰিছিল ৷ এই সন্দৰ্ভত কলিতাই কয় যে ৰাজ্যৰ ভোটদাতাসকলে নাগৰিকত্ব সংশোধনী বিধেয়কক স্বীকাৰ কৰিছে ৷ আৰু বিজেপিক ভোটদান কৰিছে ৷ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ নিৰ্বাচনী ইস্তাহাৰত উত্থাপন কৰিয়ে লোকসভাৰ নিৰ্বাচনত জয় লাভ কৰিছিল ৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ উপৰিও এই বৈঠকখনত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী ভৱেশ কলিতা উপস্থিত আছিল ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Former CM Tarun Gogoi holds press conference in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com