Begin typing your search above and press return to search.

ভাৰতীয় ৰেলৱে ঘোষনা কৰিলে ৰেল যাত্ৰীৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰ ১৩৯

ভাৰতীয় ৰেলৱে ঘোষনা কৰিলে ৰেল যাত্ৰীৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰ ১৩৯

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2020 11:02 AM GMT

ভাৰতীয় ৰেলৱে ঘোষনা কৰিলে ৰেল যাত্ৰীৰ সুবিধাৰ্থে হেল্পলাইন নম্বৰ ১৩৯ । ৰেল যাত্ৰাৰ সময়চোৱাত অভিযোগ আৰু তদন্তৰ বাবে হেল্প লাইন নম্বৰত অসুবিধা দুৰ কৰাৰ অৰ্থে ভাৰতীয় ৰেলৱে যাত্ৰীৰ সুবিধাৰ্থে তৎকালীন সহায়ৰ বাবে ঘোষনা কৰে নতুন হেল্প লাইন নম্বৰ ১৩৯ ।‌ এক প্ৰেছ বিবৃতিত প্ৰকাশ পোৱা অনুসৰি নতুন হেল্প লাইন নম্বৰ ১৩৯ য়ে সকলো হেল্প লাইন নম্বৰক নিয়ন্ত্ৰণ কৰিব। কিয়নো এই নম্বৰটো যাত্ৰী সকলৰ বাবে মনত ৰখা আৰু অতি সহজে প্ৰয়োজনৰ সময়ত ৰেল বিভাগৰ লগত সংযোগ স্থাপন কৰিব পাৰে।

ভাৰতীয় ৰেলৱে বন্ধ কৰা হেল্প লাইন নম্বৰ সমূহ হ'ল- বিভিন্ন অভিযোগৰ বাবে ১৩৮, দুৰ্ঘটনা আৰু সুৰক্ষাৰ বাবে ১০৭২, ৯৭১৭৬৩০৯৮২ এছ এম এছ অভিযোগৰ বাবে,৫৮৮৮৮/১৩৮ চাফাইৰ বাবে, ১৫২২১০ সতৰ্কতা বাবে আৰু খাদ্য সৰবৰাহৰ বাবে ১৮০০১১১৩২১ । হেল্প লাইন নম্বৰ ১৩৯ ,বাৰটা ভাষাত উপলব্ধ হ'ব । এইটো আই ভি আৰ এছৰ আধাৰিত হ'ব । তদুপৰি ইয়াৰ বাবে কোনো স্মাৰ্ট ফোনৰ প্ৰয়োজন নাই । যি কোনো ফোনৰ পৰাই এই নম্বৰৰ দ্বাৰা সহায়ৰ বাবে সংযোগ স্থাপন কৰিব পাৰিব ।

এই ১৩৯ ৰ ভিতৰত বিভিন্ন সংখ্যা অন্তৰ্ভুক্ত থাকিব। যাত্ৰীয়ে সুৰক্ষা আৰু চিকিৎসাৰ বাবে ১ নম্বৰ প্ৰেছ কৰিব লাগিব, ২ নম্বৰ প্ৰেছ কৰিলে পাব বিভিন্ন তথ্য যত থাকিব পি এন আৰ ষ্টেটাচ, ট্ৰেইনৰ আগমন/ যাত্ৰা সময়, টিকট বাতিলৰ সুবিধা , গন্তব্য সতৰ্কতা ,হুইল চিয়াৰ বুকিং, খাদ্য সম্বন্ধীয় তথ্যৰ বাবে ৩ নম্বৰ প্ৰেছ কৰিব পাৰিব ৰেল যাত্ৰীয়ে, বিভিন্ন অভিযোগৰ বাবে ৪ নম্বৰ , সতৰ্কতা সম্বন্ধীয় কাৰ্যৰ বাবে ৫ নম্বৰ , দুৰ্ঘটনা জনিত সহায়ৰ বাবে ৬নম্বৰ , দুৰ্ঘটনাজনিত ব্যৱস্থাপনাৰ বাবে ৬ নম্বৰ আৰু কল চেন্টাৰৰ কৰ্মীৰ সৈতে যোগাযোগৰ বাবে ষ্টাৰ (*) ৰ সহায়ত যাত্ৰীয়ে ফোন কৰিব পাৰে ।

Next Story
চাকৰি