ইণ্ডিয়ান ৰেড ক্ৰচ চ’চাইটীৰ বানাক্ৰান্তসকলক লৈ প্ৰতিক্ৰিয়া

ইণ্ডিয়ান ৰেড ক্ৰচ চ’চাইটীৰ বানাক্ৰান্তসকলক লৈ প্ৰতিক্ৰিয়া

ইণ্ডিয়ান ৰেড ক্ৰছ চ’চাইটীয়ে অসমৰ বান পীড়িতসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। বিশেষকৈ যিসকল লোক বানত সৰ্বস্ব হেৰুৱাই সৰ্বস্বান্ত হৈছে, সেইলোকসকল প্ৰয়োজনীয় সকলো বস্তুৰ যোগান ধৰিব ৷ ইফালে যিসকল লোকে বানত নিজৰ বাসগৃহ,সকলো হেৰুৱালে সকলোবোৰ হেৰুৱাই তেওঁলোকক সাহাৰ্য প্ৰদান কৰিব ইণ্ডিয়ান ৰেড ক্ৰ’চ চ’চাইটীয়ে ৷

ইণ্ডিয়ান ৰেড ক্ৰচ চ’চাইটীৰ সাধাৰণ সম্পাদক দিগন্ত বুঢ়াগোহাঁঞিয়ে কয় যে জনসাধাৰণক সকলো ফালৰ পৰা সহায় কৰিবৰ কাৰণে ইণ্ডিয়ান ৰেড ক্ৰচ চ’চাইটী সদা প্ৰস্তুত ৷চলিত বৰ্ষত বানে ৰাজ্যৰ জিলাসমূহত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। দেওবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত হোৱা সংবাদ বিবৃত্তিত আইএফআৰচিৰ চাউথ এছিয়া ইষ্টৰ মুখ্য কেৰোলিন হাগে কয় যে ইন্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ ৰেড ক্ৰ’চ আৰু ৰেড ক্ৰীচেন্ট চ’চাইটীজ ইণ্ডিয়ান ৰেড ক্ৰছ সদায় জনসাধাৰণৰ কামৰ কাৰণে প্ৰস্তুত ৷

উল্লেখ্য যে সাম্প্ৰতিক অসমত বানপানীত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহুজনে জীৱন সম্প্ৰতি হেৰুৱাইছে। ১৯৮৮ চনৰ পিছত এইবাৰ পুনৰ তেনে এক ভয়াবহ বানপানী বিধস্ত কৰি যায়। বৰ্তমান সময়ত বানৰ বিভীষিকা কমিছে যদিও চৌদিশে এতিয়া মহামাৰী , দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰিছে। বানৰ ফলত ধুবুৰীত হাজাৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে । প্ৰায় ১.৪ লাখ লোক ক্ষতিগ্ৰস্থ , প্ৰায় ৫,৫০,৩৬৮ বসতিপূৰ্ন ৩৯৭ খন গাঁও ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত ।

বিভাগীয় তথ্যৰ মতে, ৩২,৩৭১ লোক, ৭,৫৭৫ শিশু বানৰ কবলত পৰে। সমগ্ৰ জিলাতে ৯৬ টা অস্থায়ী শিবিৰ স্থাপন কৰা হৈছিল । এশৰো অধিক বিদ্যালয় গৃহ ক্ষতিগ্ৰস্থ হৈছে লগতে অংগনবাদী কেন্দ্ৰ, চৰকাৰী অফিচ , বান্ধ , পথ আদি ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত ।

২৩ জুলাইত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ধুবুৰী সংযোগ হোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আইলেঙগমাৰিত বানপানীয়ে উটোৱাই নিছিল । ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে বিদ্যালয়, কলেজ আদিও ক্ষতিগ্ৰস্থ হয় । ধুবুৰীৰ লগতে, গোৱালপাৰা আৰু দক্ষিণ শালমৰা জিলাতো বানপানীয়ে ক্ষতিগ্ৰস্থ কৰে । বানপানীৰ ফলত ধুবুৰী চহৰৰ বিভিন্ন কাৰ্যালয় আদিত ক্ষতিগ্ৰস্থ কৰাৰ লগতে বিদুৎ ব্যবস্থাও ব্যাহত হৈ পৰা পৰিলক্ষিত হয় ।১৯৮৮ চনৰ পিছত এনে ভয়াবহ বানপানীৰ সন্মুখীন হয় সমগ্ৰ ৰাজ্য। ১৩,৪০০ বিদুৎ যোগানো ব্যাহত হয় ধুবুৰী জিলাত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com