Begin typing your search above and press return to search.

মুখ্য ন্যায়াধীশৰ অনুৰোধ মৰ্মে ন্যায়াধীশ এছ এ ববডে হব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

মুখ্য ন্যায়াধীশৰ অনুৰোধ মৰ্মে ন্যায়াধীশ এছ এ ববডে হব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2019 1:47 PM GMT

মুখ্য ন্যায়াধীশৰ অনুৰোধ মৰ্মে ন্যায়াধীশ এছ এ ববডে হব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ।‌ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ‌ কোবিন্দে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া প্ৰস্তাৱত অনুমোদন জনাইছে। ২৯ অক্টোবৰ অৰ্থাৎ আজি দেশৰ ৰাষ্ট্ৰপতিয়ে এই অনুমোদন কথা ৰাজহুৱা কৰে । ন্যায়াধীশ ববডে অহা ১৮ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। এই শীৰ্ষতম পদত অধিতস্থিত হোৱা ন্যায়াধীশ এছ এ ববডে হ'ব দেশৰ ৪৬ তম গৰাকী মুখ্য ন্যায়াধীশ।

যোৱা ১৮ অক্টোবৰত ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিয়মানুসাৰে ন্যায়াধীশ এছ এ ববডেৰ নাম পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাবে প্ৰেৰণ কৰিছিল । সেই প্ৰস্তাৱক এতিয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুমোদন জনাইছে । বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল‌ আছিল ১৩ মাহ ১৫ দিন ।

ন্যায়াধীশ এছ এ ববডে মুখ্য ন্যায়াধীশ হিচাপে ২৩ এপ্ৰিল ২০২১ লৈকে কাৰ্য নিৰ্বাহ কৰিব।উচ্চতম ন্যায়ালয়লৈ অহাৰ পূৰ্বে এছ এ ববডে মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল ।

বিতৰ্কিত ভূমি ৰামজন্ম ভূমি বাবৰি মচজিদৰ শুনানিত বিচাৰক সকলৰ ভিতৰত এছ এ ববডেও অন্তৰ্ভুক্ত আছে ।

ন্যায়াধীশ ববডে ১৯৫৬ চনৰ ২৪ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত জন্ম গ্ৰহণ কৰিছিল । ববডেয়ে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰায়েই আইন ডিগ্ৰী লাভ কৰিছিল । তাৰ পিছত ২০০০ চনত মুম্বাই উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়ধীশ হিচাপে নিযুক্তি লাভ কৰে । পিছত ২০১২ চনত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আৰু ২০১৩ চনত এছ এ ববডে উচ্চতম ন্যায়ালয় নিযুক্ত লাভ কৰিছিল ।

অধিক খবৰৰ বাবে পঢ়ক: ভাৰতীয় ক্ৰিকেটাৰ ইশান্ত শৰ্মাৰ পোষ্টত আশাৰাম বাপু, অনুৰাগীৰ খং দেখি আতঁৰালে ফটো

ভিডিঅ প্ৰতক্ষ্য কৰক: River Dhansiri is flowing above the danger mark

Next Story
চাকৰি