নিজৰ ভূমিতেই প্ৰমাণ দিব লগা হৈছে স্বদেশী লোকে

নিজৰ ভূমিতেই প্ৰমাণ দিব লগা হৈছে স্বদেশী লোকে

এনআৰচি প্ৰকাশৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে অসমত এক বৃহৎ সংখ্যক স্বদেশী লোকে ভাৰতীয় বুলি নিজক প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণৰ মজিয়া গৰকিব লগা হৈছে ৷ এনআৰচিত অন্তৰ্ভুক্ত হ’বলৈ অযোগ্য বুলি ঘোষণা কৰা লোকসকলৰ ভিতৰত ১৯ লাখৰ ভিতৰত অধিক লোকেই জনগোষ্ঠীয় লোক ৷ ইফালে বিদেশী ন্যায়াধীকৰণ বিদেশীসকলক চিনাক্ত কৰিবৰ কাৰণে স্থাপন কৰা হৈছে। এনআৰচি প্ৰকাশৰ পিছত বিভিন্ন দল সংগঠনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷বিগত কিছুদিনৰ পৰা দেখা গৈছে যে সংখ্যা লঘূ লোকসকলৰ অঞ্চলত লোকসকল জাগৰণ অনাৰ চেষ্টা কৰি আছে ।

কিছুমান অঞ্চলৰ জনজাতীয় লোকসকলৰ ক্ষেত্ৰত দেখা গৈছে যে তেওঁলোকে নিজৰ সকলো তথ্য পাতি ভালকৈ নাৰাখে ৷ অজ্ঞানতা বা আন যিকোনো কাৰণত এনেধৰণৰ পৰিস্থিতি হ’ব পাৰে । গতিকে তেওঁলোকে এতিয়া নিজৰ ভূমিতে ভাৰতীয় বুলি প্ৰমাণ কৰিবৰ কাৰণে বিদেশী ন্যায়াধীকৰণলৈ যাব লাগিব । গতিকে এই ক্ষেত্ৰত স্থানীয় দল সংগঠন সহায়ৰ আৱশ্যক ৷ইফালে প্ৰয়োজনীয় নথি পত্ৰৰ উপস্থিতিয়ে বিদেশী ন্যায়াধীকৰণে তেওঁলোকক বিদেশী ঘোষণা কৰিব নোৱাৰে।

গতিকে জনগোষ্ঠীয় লোকসকলৰ অজ্ঞানতাৰ কাৰণে বহু ক্ষতিৰ সন্মুখীন হৈছে তেওঁলোক ৷যাৰ কাৰণ নিজৰ জন্ম ভূমিতেই বিদেশী হিছাপে পৰিগণিত হৈছে ।ৰাজ্য চৰকাৰে এই লোকসকলক আইনে সহায়তা প্ৰদান কৰিব । ইফালে এই সময়ত ৰাজ্যৰ সংগঠনসমূহৰ ভিতৰত সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সদৌ বড়ো ছাত্ৰ সন্থা,সদৌ অসম জনজাতি সংঘ আদি সকলোৱে এই সকললোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

শনিবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ কাৰ্যালয়ে চূড়ান্ত খচৰা প্ৰকাশ কৰে ৷সকলো এনআৰচি সেৱা কেন্দ্ৰ,চাৰ্কল অফিচাৰ আৰু উপায়ুক্ত কাৰ্যালয়ত এনআৰচিৰ চূড়ান্ত পঞ্জী মুকলি কৰিলে ৷

উল্লেখ্য যে ৩১ আগষ্টত প্ৰকাশ পোৱা এনআৰচিৰ পিছত বিভিন্ন দল সংগঠন আৰু লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ইয়াৰ ভিতৰত বিজেপি অসম প্ৰদেশে ইংগিত দিয়ে যে ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক তেওঁলোকে স্বীকাৰ কৰা নাই

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com