Begin typing your search above and press return to search.

বানৰ পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত কেন্দ্ৰীয় বিষয়া ববীয়াৰ দল

বানৰ পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত কেন্দ্ৰীয় বিষয়া ববীয়াৰ দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Sep 2019 4:37 AM GMT

বানৰ পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত কেন্দ্ৰীয় বিষয়া ববীয়াৰ দল। চলিত বৰ্ষত বানে অসমবাসীক সৰ্বস্ব কাঢ়ি নিলে । অসমৰ বানৰ সমীক্ষা কৰিবলৈ ৰাজ্যত উপস্থিত ইন্টাৰ মিনিষ্ট্ৰিয়েল চেন্ট্ৰল টীম। দলটো মংগল বাৰে অসমত উপস্থিত হয় । চলিত বৰ্ষত অসমত হোৱা বানত প্ৰায় ৮০ জন লোকে প্ৰাণ হেৰুৱালে ৷ লগতে বহু লোকে ধন জন হেৰুৱাই সৰ্বস্বান্ত হ’ল ।

এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বানত কৃষি ভূমি নষ্ট হোৱাৰ লগতে বছৰটোৰ সাঁচতীয়া সকলো বানে উটুৱাই নিলে। এক বিশেষ সূত্ৰৰ মত অনুসৰি দলটোৱে অসম চৰকাৰৰ জেষ্ঠ্য বিষয়াৰ লগত মিলিত হ’ব ৷যাতে মানৱ জীৱন ,সম্পত্তি এই সকলো বোৰৰ সমীক্ষা কৰিব পাৰে ।দলটোৱে বান সমীক্ষা কৰিবলৈ নলবাৰী,বৰপেটা,বঙাইগাঁও,মৰিগাওঁ,গোলাঘাট,যোৰহাট,লক্ষীমপুৰ, ধেমাজী আৰু ডিব্ৰুগড়লৈও যাত্ৰা কৰিব ৷

এই যাত্ৰাৰ সময়ত দলটোৰ লোকে জিলা প্ৰশাসন আৰু অন্য বিষয়াৰ লগত মত বিনিময় কৰিব । ইফালে তেওঁলোকে শুক্ৰবাৰে পুনৰ নতুন দিল্লীলৈ ৰাওনা হ’ব।

উল্লেখ্য যে বান পৰিস্থিতিয়ে ক্ৰমশঃ জটিল ৰূপ ধাৰন কৰাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগক স্মাৰন পত্ৰ প্ৰদান কৰি অসমলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে প্ৰধানমন্ত্ৰীয়ে ২০১৭ চনতে অসমত বান খহনীয়া পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে পোষকতা কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক:১৯৮৮ চনৰ পিছত এইবাৰ সেই ভয়াবহ বানৰ সন্মুখীন ৰাজ্য: ধুবুৰীত অধিক ক্ষতিগ্ৰস্থ

ভিডিঅ প্ৰতক্ষ্য কৰক:AMCH observed a 24-hour "withdrawal of non-emergency medical services”

Next Story
চাকৰি