উত্তৰপূবত অবৈধ ব্যৱসায় তদন্ত কৰিবলৈ বিশেষ সমিতি গঠন

উত্তৰপূবত অবৈধ ব্যৱসায় তদন্ত কৰিবলৈ বিশেষ সমিতি গঠন

উত্তৰপূবত অবৈধ ব্যৱসায় তদন্ত কৰিবলৈ বিশেষ সমিতি গঠন ৷ অসম,অৰুণাচল প্ৰদেশ আৰু মণিপুৰ ৰাজ্যৰ মাজত এক উচ্চ স্তৰীয় সমন্বয় বৈঠকত শনিবাৰে আইন শৃংখলা নিয়ন্ত্ৰণ কৰাৰ কাৰণে সকলো উত্তৰ পূবৰ ৰাজ্যত আবকাৰী,বন আৰু পৰ্যাবৰণ আৰু আৰক্ষী বিভাগৰ জেষ্ঠ্য নেতাসকলৰ লগত তিনিখন সমিতি গঠন কৰাৰ সিদ্ধান্ত কৰা হয়। অবৈধ সামগ্ৰী সৰবৰাহ ৰোধ,নিচাযুক্ত সামগ্ৰীকে ধৰি কয়লা,কাঠ আদি সৰবৰাহ কৰা বিষয়টোও উত্থাপন কৰা হয়।

বৈঠকত ৰাজ্যত উৎপাদিত বস্তু,খনিজ পদাৰ্থ,পৰিবেশ, বন আৰু পৰিবহনৰ লগত সম্বন্ধিত বিষয়ৰ লগত ৰাজ্যৰ মাজত সমন্বয় স্থাপন কৰিবলৈ আহ্বান কৰে ।শনিবাৰে অসমৰ মুখ্যসচিবৰ কাৰ্যালয়ৰ এখন সমন্বয় বৈঠক অনুষ্ঠিত কৰা হয়। অসমৰ মুখ্য সচিক আলোক কুমাৰৰ অধ্যক্ষতাত হোৱা বৈঠকখনত অৰুণাচল প্ৰদেশৰ মুখ্য সচিব সত্য গোপালে ভাগ লয় ।লগতে মণিপুৰৰ মুখ্য সচিব ড° জে সুৰেশ বাবুয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকখনত ভাগ লয়।

অসমৰ মুখ্য সচিব আলোক কুমাৰে অসমৰ মুখ্য ৰাষ্ট্ৰীয় ঘাই পথৰ যাতায়তৰ ওপৰত চৰ্চা কৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত চলি থকা ভয়াৱহ যান জঁটৰ বিষয়টো এই বৈঠকখনত উত্থাপন কৰে ৷লগতে ৰাষ্ট্ৰীয় ঘাই পথসমূহৰ জৰিয়তে ৰাজহ সংগ্ৰহ,অবৈধ সামগ্ৰী সৰবৰাহ ৰোধ,নিচাযুক্ত সামগ্ৰী যেনে ভাং,গাঞ্জা,ড্ৰাগচৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ বিষয়টোও উত্থাপন কৰে ।

ইফালে অৰুণাচল প্ৰদেশৰ মুখ্য সচিব সত্য গোপালে অসম,মণিপুৰ আৰু অৰুণাচলৰ মাজত থকা যাতায়ত ব্যৱস্থাত অবৈধভাৱে বিভিন্ন নিচাযুক্ত সামগ্ৰীকে ধৰি কয়লা,কাঠ আদি সৰবৰাহ হৈ থকাৰ বিষয়টো উত্থাপন কৰি ইয়াক ৰোধ কৰাৰ বাবে তিনিওজন ৰাজ্যৰ মাজত অধিক সমন্বয় ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷মনিপুৰৰ মুখয সচিব জে সুৰেশ বাবুয়ে মণিপুৰৰ প্ৰশাসনি সকলো ক্ষেত্ৰতে অসম আৰু অৰুণাচলক সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

আন্তঃৰাজ্যিক ব্যৱসায় বানিজ্য আৰু নিৰাপত্তাৰ দিশতো মণিপুৰে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷বৈঠকত তিনিওখন ৰাজ্যৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যৰ আবকাৰী,বন পৰিৱেশ আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গক লৈ তিনিখন গুৰুত্বপূৰ্ণ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যাতে এই বিষয়সমূহৰ সৈতে সম্পৰ্ক থকা আইন শৃংখলা নিয়ন্ত্ৰণ কৰাত সহায় হয় । অৰুনাচল প্ৰদেশৰ মুখ্য সচিব সত্য গোপালে কয় যে বিভাগ আৰু সংস্থাসমূহৰ সহযোগৰ জৰিয়তে অবৈধ পৰিবহন আৰু অবৈধ সামগ্ৰীসমূহৰ পৰিবহনৰ তদন্ত কৰা হ’ব।

এই ক্ষেত্ৰত অসমৰ বিভাগীয় কৰ্তৃপক্ষক সম্পৰ্ক কৰা হ’ব বুলি কয় অৰুণাচলৰ মুখ্য সচিব সত্য গোপালে ৷ এক সংবাদ বিজ্ঞপ্তি যোগে কয় যে অসম অৰূনাচল প্ৰদেশ,মণিপুৰ আৰু অন্যান্য কাষৰীয়া ৰাজ্যসমূহৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে সকলো অবৈধ ব্যৱসায়ীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ কয় । উল্লেখ্য যে এই বৈঠকত অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা,জিষ্ণু বৰুৱা,এ ডি জি পি মুকেশ আগৰৱাল,আয়ুক্ত আৰু সচিব আশুতোষ অগ্নিহোত্ৰী,মুখ্য বন সংৰক্ষক অনুৰাগ সিং,অৰুণাচল প্ৰদেশৰ আয়ুক্ত একে সিং,প্ৰমুখ্য সচিব লালৰাম থংগা আৰু পিচিচিএফ ৰবীন্দ্ৰ কুমাৰ উপস্থিত আছিল ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com