দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী শীলা দীক্ষিতৰ দেহাৱসান

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী শীলা দীক্ষিতৰ দেহাৱসান

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসান । দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ নেত্ৰী গৰাকী ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । শনিবাৰে ৩:৩০ মিনিটত মৃত্যু হয় কংগ্ৰেছৰ নেত্ৰী গৰাকীৰ ।

হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ । শনিবাৰে পুৱা শীলা দীক্ষিতক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শীলা দীক্ষিত ৩ বাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল। ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈকে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল শীলা দীক্ষিতে। শীলা দীক্ষিতে দীৰ্ঘকাল ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

২০১৯ চনৰ জানুৱাৰীত দিল্লীৰ তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শীলা দীক্ষিতক নগৰ শাখাৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল । শীলা দীক্ষিতৰ জন্ম হৈছিল ১৯৩৮ চনৰ ৩১ মাৰ্চত ।পঞ্জাবৰ কাপুৰথালাত এটা পাঞ্জাবী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল শীলা দীক্ষিতে।

১৫ টা বছৰ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শীলা দীক্ষিত ২০১৪ চনৰ ১১ মাৰ্চত কেৰেলাৰ ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল । কিন্তু ২০১৪ চনৰ ২৫ আগষ্টত তেওঁ পদত্যাগ কৰিছিল । শীলা দীক্ষিত ২২ সংখ্যাক কেৰেলাৰ ৰাজ্যপাল আছিল ।

২০১৯ চনৰ ১০ জানুৱাৰীত শীলা দীক্ষিতে দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়। ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছৰ পৰা প্ৰক্ষেপ কৰিছিল ।১৯৮৪ ৰ পৰা ১৯৮৯ চনলৈকে শীলা দীক্ষিতে উত্তৰ প্ৰদেশৰ কানাউজ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল । ১৯৮৪ ৰ পৰা ১৯৮৯ চনলৈকে ৫ বছৰ United nations commission on status of women ক ভাৰতক প্ৰতিনিধিত্ব কৰিছিল শীলা দীক্ষিতে। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ শীলা দীক্ষিতে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী গৰাকীৰ মৃত্যুত ।

https://twitter.com/narendramodi/status/1152531814155767809

কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী গৰাকীৰ মৃত্যুত বিভিন্ন জনে এতিয়া শোক প্ৰকাশ কৰিছে। মেহবুবা মুফতিয়ে টুইটাৰযোগে শোক প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেত্ৰী গৰাকীৰ মৃত্যুত ।

https://twitter.com/MehboobaMufti/status/1152528717341581312

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টুইটাৰ যোগে তেওঁ শোক প্ৰকাশ কৰে ।

https://twitter.com/ArvindKejriwal/status/1152529908817522688

কংগ্ৰেছৰ জেষ্ঠ নেত্ৰী শীলা দীক্ষিতৰ মৃত্যুত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী , ছুনিয়া গান্ধীৰ লগতে কংগ্ৰেছৰ সকলো নেতায়ে গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰয়াত ইন্দিৰা গান্ধী, ৰাজিৱ গান্ধীৰ সময়তে পৰা নিষ্ঠাৰে কংগ্ৰেছৰ হৈ কাম কৰি অহা শীলা দীক্ষিতৰ মৃত্যু কংগ্ৰেছৰ বাবে আন এক খহনীয়া। কংগ্ৰেছৰ সকলোয়ে গভীৰ শোক প্ৰকাশ কৰিছে শীলা দীক্ষিতৰ মৃত্যুত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com