Begin typing your search above and press return to search.

এন আই এৰ তদন্তকাৰী গোটৰ অভিযান অখিল গগৈৰ বাসগৃহত

এন আই এৰ তদন্তকাৰী গোটৰ অভিযান অখিল গগৈৰ বাসগৃহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2019 9:30 AM GMT

এন আই এৰ তদন্তকাৰী গোটৰ অভিযান অখিল গগৈৰ বাসগৃহত । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ বাসগৃহত বৃহস্পতিবাৰে এন আই এ ( ৰাষ্ট্ৰীয় তদন্তকাৰী গোট) য়ে অভিযান চলায়।

তদন্তকাৰী দল এন আই এৰ এক বিষয়াৰ দলে পুৱা সাত বজাত কৃষক নেতা অখিল গগৈৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী আৰম্ভ কৰে। এন আই এ ৰ অভিযানকাৰী দলটোৱে কৃষক নেতাজনৰ বাসগৃহৰ পৰা সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰত প্ৰতিষ্ঠান এন এইচ পি চিৰ সমন্ধীয় কিছু নথি পত্ৰ জব্দ কৰে ।

তেওঁৰ পৰিচয় পত্ৰ আৰু বেংকৰ বহু নথি পত্ৰ জব্দ কৰে।

উল্লেখযোগ্য যে অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উজনি অসমত তীব্ৰ প্ৰতিবাদ কৰিছিল । তেওঁক অসম আৰক্ষীয়ে যোৱা ডিচেম্বৰ ১২তাৰিখে গ্ৰেপ্তাৰ কৰিছিল।

কৃষক নেতা অখিল গগৈক যোৰহাট জিলাত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতেই এন আই এ দলক হস্তান্তৰ কৰিছিল।

কঠোৰ নিৰাপত্তাৰ মাজত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক বৃহস্পতিবাৰে বিশেষ ন্যায়ালয়ত হাজিৰ কৰোৱা হয় ।

অন্য খবৰৰ বাবে পঢ়ক : অসম চৰকাৰৰ মুখ্য সচিব হিচাপে নিযুক্ত কুমাৰ সঞ্জয় কৃষ্ণ

ভিডিঅ প্ৰতক্ষ্য কৰক: BJP takes out Silent Procession in Barpeta, Himanta Biswa Sarma and Ranjeet Dass joins the rally

Next Story
চাকৰি