Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Feb 2020 9:26 AM GMT

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ। বৃত্তিমূলক আৰু মূল্যবোধসম্পন্ন শিক্ষাৰে গুৱাহাটী বিশ্ববিদ্যালয়ক মানৱ সম্পদৰ উৎকৃষ্ট শিক্ষানুষ্ঠান হিচাপে গঢ় দিব লাগিব।এই মন্তব‌্য অসমৰ ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীৰ । সোমবাৰে অনুষ্ঠিত বিশ্ববিদ্যালয়খনৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত সভাপতিৰ ভাষণ দি ৰাজ্যপালগৰাকীয়ে কয় যে ভাৰতৰ ঐতিহ্যকেন্দ্ৰিক শিক্ষা প্ৰণালী শিক্ষা মূল্যবোধ সম্পন্ন নতুন শিক্ষানীতি সম্পৰ্কে বক্তব্য আগবঢ়াই মুখীয়ে লগতে কয় যে উচ্চমান সম্পন্ন শিক্ষা প্ৰদানৰ জৰিয়তে নতুন শিক্ষা নীতিয়ে দেশক সমতাৰ আৰু উজ্বল-শক্তিশালী সমাজ গঢ়াত সহায় কৰিব ।

তদুপৰি ৰাজ্যপালে গৱেষক ছাত্ৰ, স্নাতকোত্তৰ ছাত্ৰ -ছাত্ৰীসকলক নিয়মীয়া শিক্ষামূলক অনুষ্ঠান নিয়মীয়া ভাৱে আয়োজন কৰিবলৈ আহ্বান জনায়।

গৱেষণাৰ সৈতে সংপৃক্ত শিক্ষণ ব্যৱস্থা গঢ়ি তুলিবলৈ ৰাজ্যপাল মুখীয়ে আহ্বান জনায়। এনে শিক্ষণৰ দ্বাৰা মহাবিদ্যালয় সমূহত অধ্যাপকৰ পদ লাভ কৰাটো সম্ভৱ হ'ব বুলি তেওঁ মতপোষণ কৰে। বিশ্ববিদ্যালয়সমূহ আৰু কলেজসমূহে শিক্ষকৰ নিয়মীয়া প্ৰশিক্ষণ আৰু স্ব -উন্নতিৰ কৰ্মসূচী ল'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে।‌

আনহাতে, এই দীক্ষান্ত সমাৰোহত আন্তৰ্জাতিক খ্যাতিসম্পন্ন লেখক অৰূপ কুমাৰ দত্তক ডি লিট আৰু ভাষ্কৰ্য শিল্পী বীৰেন সিংহক ডক্তৰেট ডিগ্ৰী প্ৰদান কৰা হয়।

দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে শিক্ষা আৰু উদ্যেগৰ মাজত সম্পৰ্ক উন্নত কৰাৰ লগতে সংস্থাপনৰ নীতি গঢ়ি তোলাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে।এই অনুষ্ঠানত প্ৰায় ২৫৩০ গৰাকী ছাত্ৰ ছাত্ৰীক এম ফিল, পি এইচ ডি, স্নাতকোত্তৰ, স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

অন্য খবৰৰ বাবে পঢ়ক : এজনো বিদেশীক ভূমি দখল দখল কৰিবলৈ দিয়া নহ’বঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভিডিঅ প্ৰতক্ষ্য কৰক : Bir Lachit Sena leader Shrinkhal Chaliha demands release of Akhil Gogoi and other KMSS leaders

Next Story
চাকৰি