Begin typing your search above and press return to search.

যুৱ সমাজক এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঠনৰ আহ্বান ৰাজ্যপাল মুখীৰ

যুৱ সমাজক এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঠনৰ আহ্বান ৰাজ্যপাল মুখীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2020 10:51 AM GMT

যুৱ সমাজক এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঠনৰ আহ্বান ৰাজ্যপাল মুখীৰ

যুৱ সমাজক এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঠনৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালে ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীয়ে। সোমবাৰে গুৱাহাটীৰ খাৰঘূলিস্থিত ডন বস্কইনষ্টিটিউটত আদিবাসী যুৱ বিনিময় কাৰ্যসূচী মুকলি কৰি ৰাজ্যপালগৰাকীয়ে এই আহ্বান জনায়। ৰাজ্যপাল মুখীয়ে যুৱপ্ৰজন্মক সমগ্ৰ ভাৰতমুখী দৃষ্টিভংগী গ্ৰহণ কৰি 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' গঢ়ি তোলাৰ বাবে যোগদান দিবলৈ আহ্বান জনায় ।

লগতে তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে বিবিধতাৰ মাজত একতা বৃদ্ধি কৰি শক্তিশালী ভাৰত গঢ়ি তুলিবলৈ আহ্বান জনায় । তেওঁ কয়, আমি প্ৰথমে ভাৰতীয়, তাৰ পিছতহে কোনো জাতি-জনগোষ্ঠীৰ কথা আহে

তেওঁ আৰু কয় যে এন এছ এছৰ জনজাতীয় যুৱ বিনিময় কাৰ্যক্ৰম উদ্বোধনত উপস্থিত হৈ সুখী অনুভৱ কৰিছে।কিয়নো এই অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। তেওঁ কয় যে আদিবাসীসকলৰ সামাজিক, শৈক্ষিক, আৰ্থিক দিশসমূহৰ উন্নয়নৰ বাবে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে । জনজাতিসকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ উদ্দেশ্য পৃথক কেন্দ্ৰীয় মন্ত্ৰালয়ো গঠন কৰা হৈছে। তদুপৰি আদিবাসীসকলৰ বাবে বিভিন্ন আঁচনি আৰু কৰ্মসূচীসমূহক বাস্তৱায়িত কৰিবলৈ বাজেটৰ জড়িয়তে পুঁজি আৱন্টনো কৰা হৈছে বুলি ৰাজ্যপাল মুখীয়ে সদৰী কৰে।

মুখীয়ে কয় যে আদিৱাসীসকলৰ অধিকাৰ, সংস্কৃতি, ৰীতি-নীতি আদি সুৰক্ষাৰ বাবে প্ৰথমে তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত হোৱা উচিত।শিক্ষা সকলোৰে বাবে অনিবাৰ্য কৰিব লাগে আৰু সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগে। বৰ্তমানে পাঁচখন একলব্য মডেল আৱাসিক বিদ্যালয়ো নিৰ্মাণ কৰা হৈছে আৰু আন ১২ খন ৰাজ্যত এনে বিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মন্তব্য কৰে মুখীয়ে ।

এনে অনুষ্ঠান আযোজনত গুৰুত্ব আৰোপ কৰি ৰাজ্যপালগৰাকীয়ে পুনৰ কয় যে এনে অনুষ্ঠানে আদিবাসীসকলক বিবিধতাৰ মাজত একতা অনাত সহায় কৰিব । এই অনুষ্ঠানৰ দ্বাৰা আদিবাসীসকলে বিভিন্ন ৰাজ্যৰ লোকৰ সাংস্কৃতিক, নৈতিকতা, ভাষা , জীৱন প্ৰণালী আদিৰ বিষয়ে জনাত সহায় কৰাৰ লগতে নিজৰ সংস্কৃতি , ভাষা তুলি ধৰাৰো সুযোগ লাভ কৰিব ।‌

তদুপৰি ৰাজ্যপালে যুৱকসকলক সকলোৰে লগত একতা, বন্ধুত্ব ,ভাতৃত্ববোধ বজাই ৰখাৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে এই কাৰ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ ৩০০ জন এন এছ এছ স্বয়ংসেৱক আৰু অন্যৰাজ্যৰ ২০০ জন এন‌ এছ এছ স্বয়ংসেৱকে অংশ গ্ৰহণ কৰে।

অন্য খবৰৰ বাবে পঢ়ক: নিযুক্তিপ্ৰাপ্ত জিলাত কাম নকৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাঃ মন্ত্ৰী ডঃ শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Next Story
চাকৰি