Begin typing your search above and press return to search.

জনতা কাৰ্ফিউ: দেওবাৰে বন্ধ থাকিব সকলো যাত্ৰীবাহী ৰেলৰ চলাচল

জনতা কাৰ্ফিউ: দেওবাৰে বন্ধ থাকিব সকলো যাত্ৰীবাহী ৰেলৰ চলাচল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 March 2020 8:24 AM GMT

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাব প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অহা ২২ মাৰ্চ অৰ্থাৎ দেওবাৰে ভাৰতীয় ৰেলৱেই সকলো যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ ৰাখিব ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ জনতা কাৰ্ফিউ পালন কৰিবলৈ সমগ্ৰ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীয়ে জনতা কাৰ্ফিউ পালন কৰিবলৈ প্ৰস্তুতি চলাইছে ৷ এই কাৰ্ফিউ পালন কৰিব ভাৰতীয় ৰেলৱেইয়ো ৷

উল্লেখ্য যে ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাইছে ৷ বৰ্তমানলৈকে এই ৰোগত দেশত ২৫০ৰো অধিক লোক আক্ৰান্ত হৈছে ৷ এনে পৰিস্থিতিত দেশজুৰি তীব্ৰ আতলকৰ সৃষ্টি হৈছে ৷ পৰিস্থিতি ক্ৰমাৎ জটিল হৈ উঠাত যোৱা বৃহস্পতিবাৰে নিশা মোদীয়ে ২২মাৰ্চত জনতা কাৰ্ফিউ পালন কৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে ৷ উক্ত দিনা পুৱা সাত বজাৰ পৰা নিশা ৯বজালৈ জৰুৰী সেৱাসমূহত নিয়োজিতসকলৰ বাদে আন লোকক ঘৰৰ পৰা নোলাবলৈ আহ্বান জনোৱা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰোনা ভাইৰাছ: পুনৰ অনিশ্চয়তাত এন আৰ চিৰ নাকচ জাননী বিতৰণ প্ৰক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক: Veterinary College in Guwahati creates hand sanitizers to fight the shortage of Sanitizers in Assam

Next Story
চাকৰি