Begin typing your search above and press return to search.

গ্ৰন্থ উন্মোচন কৰিবলৈ গৈ সমালোচনাৰ সন্মুখীন বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ

গ্ৰন্থ উন্মোচন কৰিবলৈ গৈ সমালোচনাৰ সন্মুখীন বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2019 11:47 AM GMT

গ্ৰন্থ উন্মোচন কৰিবলৈ গৈ চৰ্চাৰ সন্মুখীন বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ ৷ কাৰণ জাহ্নৱীয়ে দুৰ্ভাগ্য বশত উন্মোচনী অনুষ্ঠানত ওলোটাকৈ গ্ৰন্থ ধৰে জাহ্নৱীয়ে ৷ গতিকে সম্প্ৰতি এতিয়া সকলোৱে চৰ্চা কৰিছে জাহ্নৱীক ৷ ঘটনা অনুসৰি দিল্লীত এটা অনুষ্ঠানত গ্ৰন্থ উন্মোচন কৰিবলৈ যায় জাহ্নৱী ৷ কিন্তু জাহ্নৱীয়ে কিতাপখন নোচোৱাকৈ উন্মোচন কৰে ৷ ইফালে এই ঘটনাৰ পিছতে জাহ্নৱীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। আৰু লোকসকলে সমালোচনা কৰে জাহ্নৱী কাপুৰক।

এক বিশেষ তথ্য অনুসৰি কৰণ জোহৰে অনতি পলমে জাহ্নৱী আৰু ঈশানৰ লগত এখন ছবি নিৰ্মাণ কৰাৰ কথা ভাবিছে ৷এই ছবিখনৰ নিৰ্দেশন কৰিব বিজয় নাম্বিয়াৰে ৷ ছবিখন হ’ব এখন ৰোমান্টিক ছবি৷ জাহ্নৱী আৰু ইশান সম্প্ৰতি নিজৰ ছবিত ব্যস্ত আছে ৷তাৰ ভিতৰত জাহ্নৱী এয়াৰ ফৰ্চ পাইলট গুঞ্জন শৰ্মাৰ বায়পিকত ব্যস্ত আছে ।

ইয়াৰ উপৰিও জাহ্নৱী কাপুৰ ৰাজকুমাৰ ৰাওৰ লগত ছবি ৰহী অফজাৰ ছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত আছে। লগতে কৰণ জোহৰৰ ছবি তখত ছবিত ব্যস্ত আছে জাহ্নৱী কাপুৰ ৷ইফালে অন্যন্যা পাণ্ডেৰ লগত ঈশান খট্টৰে পৰিচালক আলী আব্বাছ জফৰৰ ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ পৰিব।

কাপুৰ পৰিয়ালৰ যুৱতীসকলৰ ভিতৰত বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ পিছত শেহতীয়া বি টাউনলৈ যাত্ৰা কৰিব খুশী কাপুৰে৷ এই কথা প্ৰকাশ কৰিছে খুশী কাপুৰে ৷ জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ শেহতীয়াকৈ এক অনুষ্ঠানত মন্তব্য কৰে নিজৰ ব্যক্তিগত জীৱনৰ কথা। ব্যক্তিগত জীৱনৰ লগতে খুশীয়ে বলীউডলৈ যাত্ৰা কৰাৰ কথা ঘোষণা কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: মুক্তিৰ আগেয়ে সাহুৱে ভংগ কৰিলে বাহুবলী ২ ৰ ৰেকৰ্ড

ভিডিঅ প্ৰতক্ষ্য কৰক:Government takes step for Assamese film and cinema halls’ improvement | The Sentinel News | Assam N

Next Story
চাকৰি