জাপানীজ এনকেফেলাইটিছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে: ড° হিমন্ত বিশ্ব শৰ্মা

জাপানীজ এনকেফেলাইটিছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে: ড° হিমন্ত বিশ্ব শৰ্মা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম বিধান সভাত বিভাগীয় কৰ্তৃপক্ষক ১ নবেম্বৰৰ পৰা জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে টীকাকৰণ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰে ৷ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জাপানীজ একেফেলাইটিছক লৈ যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । আৰু জেই ত যাতে মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব পাৰে তাৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷

যেতিয়া ২০০৬ চনত ড° হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ আছিল তেতিয়া পাঁচখন জিলা জেই ত প্ৰভাৱিত হৈছিল ৷ কিন্তু সম্প্ৰতি এই ৰোগে প্ৰায় ২৭ খন জিলাক প্ৰভাৱিত কৰাৰ উপৰিও আৰু অধিক জিলাত প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে ৷ জাপানীজ এনকেফেলাইটিছ সম্প্ৰতি ৰাজ্যৰ কাৰণে মহামাৰীত পৰিণত হৈছে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে সম্প্ৰতি অৰ্থাৎ চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছত ১২৫ জন লোকৰ মৃত্যু হৈছে ।

ইয়াৰ বিপৰীতে টীকাকৰণৰ কাৰণে জে ইত শিশুসকলৰ মৃত্যুৰ সংখ্যা সীমিত ৷ ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত লোকসকলৰ মাজত টীকাকৰণক লৈ বিভিন্ন ধাৰণা বিয়পি পৰিছিল ৷ জেইৰ কোনো চিকিৎসা নাই ৷টীকাকৰণৰ দ্বাৰা এই ৰোগক চিকিৎসা কৰিব পাৰি। ইফালে মন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰে ১ নবেম্বৰৰ পৰা অনাগত টীকাকৰণ অভিযানৰ কাৰণে সকলো বিধায়কৰ সহিতে এক টাস্ক ফ’ৰ্চ গঠন কৰিব ৷

ইফালে ২০১৩ চনত জাপানীজ এনকেফেলাইটিছত ১৩৪ জন লোকৰ মৃত্যু হৈছিল,২০১৪ চনত ১৬৫ জন লোক,২০১৫ চনত ১৩৫ জন,২০১৬ চনত ৯২ জন,২০১৭ চনত ৮৭ জন আৰু ২০১৮ চনত মৃত্যু হৈছিল ৯৪ জন লোকৰ ৷ দ্য চেন্টিনেলৰ লগত হোৱা সাক্ষাৎকাৰত এক বিশেষ সূত্ৰই কয় যে চলিত বৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ ৰ সীমা অতিক্ৰম কৰিলে ৷

অন্যহাতে, জাপানী এনকেফেলাইটিছৰ প্ৰকোপ উজনি অসমত ২০১৫ চনলৈকে আছিল৷ কিন্তু সম্প্ৰতি পট পৰিৱৰ্তন হৈছে ৷ কাৰণ নামনি অসম আৰু বৰাক উপত্যকাত এই ৰোগৰ প্ৰকোপ বৃদ্ধি হৈছে ৷জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপে অসমক এখন দুৰ্বল ৰাজ্যলৈ পৰিণত কৰিলে ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এক বিশেষ তথ্য অনুসৰি পশ্চিম বংগাল,উত্তৰ প্ৰদেশ আৰু বিহাৰ সহিত অন্যান্য ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ অলপহে সীমিত ৷

এক বিশেষ সূত্ৰৰ মত অনুসৰি শিৱসাগৰ,বৰপেটা, নগাঁও, শোনিতপুৰ,দৰং, ওডালগুৰি,বঙাইগাঁও,কাছাৰ,মৰিগাঁও, নলবাৰী আদি জিলাত জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই জিলাত এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এক টীকাকৰণ অভিযান আৰম্ভ কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com