গুৱাহাটীত ২০২২ ৰ ভিতৰত জাপান ইন্টাৰনেশ্যনেল কৰ্প’ৰেশ্যন এজেন্সীৰ জল সংযোগ পৰিকল্পনা

গুৱাহাটীত ২০২২ ৰ ভিতৰত জাপান ইন্টাৰনেশ্যনেল কৰ্প’ৰেশ্যন এজেন্সীৰ জল সংযোগ পৰিকল্পনা

গুৱাহাটীত জল সংকটৰ সমস্যাৰ অন্ত পেলাবৰ কাৰণে এক বিশেষ পৰিকল্পনাই আশা বতৰা কঢ়িয়াই আনিছে ৷ জাপান ইন্টাৰনেশ্যনেল কৰ্প’ৰেশ্যন এজেন্সীৰ আধাৰত মহানগৰীত দেখা দিয়া তীব্ৰ জলসংকতৰ অন্ত পৰিব বুলি আশা ব্যক্ত কৰা হৈছে। এই পৰিকল্পনাত ব্যয় হ’ব ১৪২৬ কোটি টকা ৷ আৰু এই পৰিকল্পনা ২০২২ ৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।

উত্তৰ গুৱাহাটীত জল যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য ২০১১ চনৰ পৰা আৰম্ভ হয় ৷আৰু এই পৰিকল্পনাই সমগ্ৰ অঞ্চলৰ পানীৰ সমস্যাক দূৰ কৰিব ৷ এবাৰ পৰিকল্পনাৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিদিনে ৩৭ মিলিয়ন লিটাৰ পানী যোগান ধৰিব। গুৱাহাটীৰ খাৰঘূলীত জল যোগান আঁচনি কাম ইতিমধ্যে আৰম্ভ হৈছে ৷ এই পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি দিনে ১৯১ মিলিয়ন লিটাৰ পানী যোগান ধৰিব । উল্লেখ্য যে বিগত কিছুদিনে জু ৰোডত তীব্ৰ জল সংকটে দেখা দিছে ৷

এক বিশেষ সূত্ৰ তথ্য অনুসৰি জু ৰোডত জল সম্পদ বিভাগৰ অধীনত প্ৰায় ৭১৫৪ টা জল সংযোগ ব্যৱস্থা আছে ৷এই জল সংযোগ ব্যৱস্থাত চাৰিটা জল সংযোগৰ ব্যৱস্থা আছে । যদিও এই সংযোগ সমূহৰ দুটা, দীৰ্ঘদিন ধৰি সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈ আছে ।আৰু সম্প্ৰতি এই দুটা সংযোগ নিৰ্মাণ হৈ আছে ।

ইয়াৰ বিপৰীতে অন্য দুটা জল সংযোগ ব্যৱস্থা ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈ আছে ৷আৰু পুনৰ মেৰামতি কৰা হৈছে। অৱশ্যে মাত্ৰ সাত ঘন্টা চলাৰ পিছত পাম্পৰ মটৰ বিকল হ’য় আন দুটা পানীৰ ব্যৱস্থা ৷ইফালে জু ৰোড, গণেশগুৰি,খ্ৰীষ্টানবস্তি,ৰাজগড়,ৰুক্মীনীগাঁও,শ্ৰী নগৰ,তৰুণ নগৰ,অম্বিকাগিৰী নগৰ,হেঙেৰাবাৰী,ৰূপ নগৰ,জাপৰিগোগ, ভাস্কৰ নগৰবাসী আদি লোকসকলে বহু মাহ ধৰি জল সংকটত ভূগি আছে ৷

এক বিশেষ সূত্ৰ মত অনুসৰি এই পাম্প সমূহ বাৰ ঘন্টাৰ টাইত ষোল ঘন্টালৈকে চলি থাকে ।আৰু মটৰটোক ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে মীটাৰৰ দুয়োকাষে ফেন চলোৱা চলোৱা হয় ৷ইফালে এতিয়ালৈকে এই পাইপসমূহত মেৰামতিত ব্যয় হৈছে প্ৰায় তিনি লাখ টকা। এক বিশেষ সূত্ৰৰ মত অনুসৰি জু ৰোডৰ জল সংকটৰ সমস্যাক সমাধান কৰিবৰ কাৰণে সম্প্ৰতি ধন নিয়মানুসাৰে ব্যয় কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷উল্লেখ্য যে জাপান ইন্টাৰনেশ্যনেল কৰ্প’ৰেশ্যন এজেন্সী আঁচনিৰ অধীনত মহানগৰীত জল সংকটৰ পৰিমাণ বহু হ্ৰাস পাব বুলি আশা কৰা হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক :DoNER Minister Jitendra Singh addresses media in Guwahati | The Sentinel News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com