জেএনইউৰ গাৰ্ডৰ পৰা ৰাছিয়ান বিষয়ৰ ছাত্ৰ:প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ জে এন ইউৰ গাৰ্ডৰ

জেএনইউৰ গাৰ্ডৰ পৰা ৰাছিয়ান বিষয়ৰ ছাত্ৰ:প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ জে এন ইউৰ গাৰ্ডৰ

২০০৪ চনত প্ৰথমে ৰামজাল মীনায়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গাৰ্ড হিচাপে নিযুক্তি লাভ কৰিছিল । বৰ্তমান ৰামজাল মীনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ । ৰাজস্থানৰ কাৰাউলিৰ ৰামজালে জে এন ইউৰ প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ ৰাছিয়ান বিষয়ত অনাৰ্চ হিচাপে লৈ শিক্ষা গ্ৰহণ কৰিব ।জীৱনত যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল ৰামজাল মীনায়ে|

প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ পাছত মীনায়ে কয় যে, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় এইটো কাৰণেই বাকী সকলো বিশ্ববিদ্যালয়তকৈ পৃথক যে , জে এন ইউৰ লোকসকলে সামাজিক ষ্টেটাছক গুৰুত্ব নিদিয়ে । সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলে মোক অনুপ্ৰেৰণা যোগাইছিল । এতিয়া অভিনন্দন জ্ঞাপন কৰিছে । মোৰ এনেকুৱা অনুভৱ হৈছে যে , যেন এটা ৰাতিৰ ভিতৰতে মই বিখ্যাত হৈ পৰিছো ।"

ৰামজাল মীনায়ে ভাজিৰা গাঁওৰ পৰা চৰকাৰী স্কুলত পঢ়িছিল । কিন্তু পিছত মীনা পঢ়া আধৰুৱা কৰে । কলেজলৈ প্ৰায় ২৮-৩০ কিলোমিটাৰ আঁতৰত । লগতে দেউতাকৰ লগত কামতো সহায় কৰাৰ বাবে পঢ়া আধাতে সামৰিব লগা হৈছিল ।

কিন্তু মীনাৰ পঢ়াত আগ্ৰহ থকাৰ বাবে যোৱা বছৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা ৰাজনৈতিক বিজ্ঞান, বুৰঞ্জী, হিন্দীত স্নাতক ডিগ্ৰী লাভ কৰে । মীনায়ে ইতিমধ্যে বিয়া কৰাইছে আৰু ৩ জনী কন্যা সন্তানো আছে ।

মীনায়ে লগতে কয় যে, মই ফোনৰ জৰিয়তে বাতৰি কাকত পঢ়ো আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও যথেষ্ট সহায় কৰিছে বুলি প্ৰকাশ কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com