ৰাজ্যসভাৰ নিৰ্বাচনঃ তৃতীয়খন আসনত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক প্ৰক্ষেপ বিজেপিৰ

ৰাজ্যসভাৰ নিৰ্বাচনঃ তৃতীয়খন আসনত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক প্ৰক্ষেপ বিজেপিৰ

ৰাজ্যসভাৰ নিৰ্বাচনঃ তৃতীয়খন আসনত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক প্ৰক্ষেপ বিজেপিৰ

ভূঞা বনাম ভূঞা! ৰাজ্যত আসন্ন ৰাজ্যসভাৰ নিৰ্বাচনৰ উত্তাপ বৃদ্ধি পাবলৈ ধৰাৰ সময়তে এনে এখন যুঁজৰ অৱতাৰণা ঘটিছে। দুয়োজন ভূঞাই জ্যেষ্ঠ সাংবাদিক। ইয়াৰে এজন অজিত কুমাৰ ভূঞা আৰু আনজন অতনু ভূঞা। শাসকীয় মিত্ৰজোঁটে দুখন আসনৰ প্ৰাৰ্থী নিশ্চিত কৰাৰ পাছত তৃতীয়খন আসনক লৈ বিজেপিয়ে কুচ-কাৱাজ আৰম্ভ কৰাত এই যুঁজৰ অৱতাৰণা ঘটিছে। তৃতীয়খন আসনত শাসক দলে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক প্ৰক্ষেপ কৰিছে। ইতিমধ্যে সাংবাদিক ভূঞাই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। বৃহস্পতিবাৰে তেওঁৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰে সাংবাদিক মুন গোস্বামীয়ে। কাইলৈ মনোনয়নপত্ৰ জমা দিয়াৰ শেষ তাৰিখ। বিজেপিয়ে তৃতীয়খন আসনতো প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত বুধবাৰে স্পষ্ট হৈ উঠে। কালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই কংগ্ৰেছ-এ আই ইউ ডি এফৰ সমৰ্থনত ৰাজ্যসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো দুৰ্ভাগ্যজনক। উল্লেখ্য যে অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজ্যসভাৰ তিনিখন আসনৰ দুখনত মিত্ৰজোঁট প্ৰাৰ্থীৰূপে বিজেপিৰ পৰা প্ৰাক্তন কংগ্ৰেছ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু বি পি এফৰ বিশ্বজিত দৈমাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইতিমধ্যে দুয়োৰে নাম ঘোষিত হৈছে।

দৈমাৰীয়ে মনোনয়ন পত্ৰও দাখিল কৰিছে। পূৰ্বে তৃতীয়খন আসনক লৈ শাসক দলটো স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল। আনকি তৃতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত দলৰ অভ্যন্তৰত প্ৰায় গৃহীত হোৱাৰ ইংগিত দিছিল বিজেপি সূত্ৰই। কিন্তু জ্যেষ্ঠ সাংবাদিক ভূঞাই কংগ্ৰেছ-এ আই ইউ ডি এফৰ সমৰ্থনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পাছতে বিজেপিৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুতকাৰকসকল তত্পৰা হৈ উঠে। এই ক্ষেত্ৰত্ মূল ভূমিকা পালন কৰা চৰ্চিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। দলৰ মজিয়াত উত্তৰ-পূবৰ অমিত শ্বাহৰূপে খ্যাত শৰ্মাই সাংবাদিক অজিত কুমাৰ ভূঞাৰ সৈতে যুঁজ দিব পৰা অ-ৰাজনৈতিক প্ৰাৰ্থীৰ সন্ধানত নামি পৰা বুলি দলীয় সূত্ৰই জনায়। দলীয় সূত্ৰৰ মতে, এইক্ষেত্ৰত দলে একাধিক অ-ৰাজনৈতিক ব্যক্তিৰ নাম চৰ্চা কৰে। এনে অ-ৰাজনৈতিক ব্যক্তিৰ অন্যতমৰূপে দুজন জ্যেষ্ঠ সাংবাদিকৰ নাম চৰ্চিত হয়। অৱশেষত ইয়াৰে এজন জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাক দলে প্ৰাৰ্থীৰূপে চূড়ান্ত কৰে।অৱশ্যে কেইবাজনো পুৰণি বিজেপি নেতা-কৰ্মীৰ নাম দলীয় সম্ভাৱ্য প্ৰাৰ্থীৰূপে চৰ্চিত হৈছিল। এইসকলৰ অন্যতম আছিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত আৰু প্ৰাক্তন সাংসদ ৰমেন ডেকা।

লক্ষ্যণীয় যে সাংবাদিক অজিত কুমাৰ ভূঞাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সমৰ্থনত থিয় দিয়াক লৈ জাতীয়তাবাদী শিবিৰৰ একাংশ উত্ফুল্লিত হোৱাৰ বিপৰীতে আন কেতবোৰ পক্ষ অসন্তুষ্ট হৈছে। ইয়াৰ স্পষ্ট ইংগিত দি প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই কালি এক বিবৃতিত কয়, ‘ তেওঁ (সাংবাদিক ভূঞা) নিজকে অসমৰ জাতীয় শক্তিসমূহৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটোহে আটাইতকৈ দুৰ্ভাগ্যজনক । তেওঁ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ সমৰ্থন লৈহে প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিন্তু প্ৰশ্ন হ’ল যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কেতিয়াৰ পৰা অসমৰ জাতীয় শক্তি হ’ল?” ভূঞাক লৈ হোৱা এনে নেতিবাচক চৰ্চাই বিজেপিক ৰাজ্যসভা নিৰ্বাচনৰ ৰণকৌশল সুকীয়া ধৰণেৰে প্ৰস্তুত কৰাত সহায় কৰাটো ক্ৰমে স্পষ্ট হ’বলৈ ধৰিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com