Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কাজলগাঁৱত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কাজলগাঁৱত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Dec 2019 11:05 AM GMT

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কাজলগাঁৱত সাংবাদিকৰ অৱস্থান ধৰ্মঘট । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। এই প্ৰতিবাদ কেৱল ৰাজ্যতে সীমাবদ্ধ নাথাকি সমগ্ৰ দেশত বিয়পি পৰিছে। এই আইন খনৰ বিৰুদ্ধে ওলাই আহিছে দেশৰ হাজাৰ হাজাৰ জনগন, ছাত্ৰ সমাজ, শিল্পী সমাজ, সাহিত্য সমাজ ,দল সংগঠন আদি ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিছে সাংবাদিক সমাজো । চিৰাং জিলাত সাংবাদিক সকলে আজি নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। চিৰাং জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত বন্ধুত্ব সামুহিক গৃহত জিলাখনৰ সংবাদ কৰ্মী সকলে একত্ৰিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

দিনৰ ১১ বজাৰ পৰা বিয়লি ১ বজালৈ ৰূপায়ণ কৰা গণতান্ত্ৰিক অৱস্থান তথা ধৰ্ণা কাৰ্যসূচী। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজনী প্ৰেছ ক্লাৱ, বিজনী জাৰ্ণালিষ্ট ফ'ৰাম,কাজলগাঁও প্ৰেছ ক্লাৱ আৰু বাসুগাঁও প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে ।

। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সাংবাদিক সকলে বিভিন্ন শ্ল'গানেৰে আইন খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে 'কা বাতিল কৰক,কা আমি নামানো, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ' আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ কাৰ্যসূচী উত্তাল কৰি তোলে । আজিৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ লগত সংগতি ৰাখি অৱস্থানস্থলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় । উক্ত প্ৰতিবাদী সভাত চিৰাং জিলা প্ৰেছ ক্লাৱৰ সভাপতি অমৃত নাৰায়ণ পাটগিৰি,জিলা প্ৰেছ ক্লাৱৰ উপদেষ্টা বিপুল কুমাৰ দাস, বিজনী প্ৰেছ ক্লাৱৰ সভাপতি হেমেন শৰ্মা,বাসুগাঁও প্ৰেছ ক্লাৱৰ সভাপতি ভৃগুমুনি ৰায়,কাজলগাঁও প্ৰেছ ক্লাৱৰ উপ সভাপতি আবুবক্কৰ ছিদ্দিক, বসন্ত কুমাৰ ৰায় প্ৰমুখ্যে বহু কেইজন সংবাদ কৰ্মীয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত চিৰাং জিলা প্ৰেছ ক্লাৱৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰাৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অন্য খবৰৰ বাবে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন‌ বাতিল নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব: আছু

ভিডিঅ প্ৰতক্ষ্য কৰক : Anti-CAA protests: ‘Gana Garjan Programme’ launched in Tinsukia

Next Story
চাকৰি