Begin typing your search above and press return to search.

প্ৰকাশ পাব জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী : প্ৰস্তুতি যুদ্ধ সদৃশ

প্ৰকাশ পাব জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী : প্ৰস্তুতি যুদ্ধ সদৃশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Aug 2019 6:25 AM GMT

জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ হৈছিল ২০১৫ চনৰ প্ৰথম ভাগত। আৰু সেয়া সম্পূৰ্ণ হব শনিবাৰ অৰ্থাৎ ৩১ আগষ্টত। এনআৰচি কামত নিয়োজিত ৬২০০০ ৰতকৈ অধিক লোকৰ নেতৃত্ব বহন কৰিছে সমন্বয়ক প্ৰতীক হাজেলাই। প্ৰায় চাৰিবছৰত ৫৫০০০ চৰকাৰী কৰ্মচাৰীৰ বিপৰীতে ১২০০০ ঠিকা ভিত্তিক কৰ্মচাৰী এনআৰচি কামত নিয়োজিত হয় ৷

লগতে চূড়ান্ত এনআৰচিৰ প্ৰকাশৰ প্ৰাকমূহুৰ্তত এনআৰচিৰ মুখ্য কাৰ্যালয়,ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু এনআৰচিৰ সেৱা কেন্দ্ৰত কামত ব্যস্ত আছে ৷ ইফালে এনআৰচিৰ প্ৰকাশৰ পূৰ্বতে সকলোতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে ৷

ৰাজ্য চৰকাৰে ১৪ খন সংবেদনশীল জিলাৰ লগতে এনআৰচিৰ ৰাজ্যৰ সমন্বয়কৰ ভঙাগঢ়ৰ মুখ্য কাৰ্যালয়ৰ লগতে উপায়ুক্ত আৰু সকলো কাৰ্যালয় তথা ২৫০০ সেৱা কেন্দ্ৰত সুৰক্ষা আৰু সতৰ্কতা বৃদ্ধি কৰিছে।

আনহাতে অসম আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে ৰাজ্যৰ সকলো জিলাতে কটকটীয়া নিৰাপত্তা ব্যবস্থা কৰিছে। ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত এনআৰচিত নাম নহা সকলৰ ১৪ খন সংবেদনশেল জিলাত নিৰাপত্তাৰ ব্যৱস্থা অধিক কটকটীয়া কৰিছে ।

ৰাজ্যৰ লগতে মহানগৰীত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সম্ভৱ নহয় তাৰ কাৰণে আইন কানুনৰ লগতে বিভিন্ন পৰিকল্পনা হাতত লৈছে প্ৰশাসনে ৷

গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে সোমবাৰে কয় যে এনআৰচি প্ৰকাশৰ পিছত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে। চূড়ান্ত নাগৰিক পঞ্জী প্ৰকাশৰ পিছত ঘটিব পৰা, আমি যিকোনো ঘটনাৰ কাৰণে সাজু আছো ৷ আমি এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত কৰিছোঁ ৷ মহানগৰীত এন এচ কে সুৰক্ষাৰ সন্দৰ্ভত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে ৭৮ এনআৰচি সেৱা কেন্দ্ৰৰ কাৰণে বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক: চূড়ান্ত এনআৰচি প্ৰকাশলৈ মাজত মাথো এটা দিন:দিছপুৰে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:Birth Anniversary of Major Dhyan Chand was observed in Lumding

Next Story
চাকৰি