"কাল ৰাত য়ে ল'গ বাৰগাৰ খা ৰেহে থে" - পাকিস্তানৰ পদৰ্শনত অসন্তুষ্টি প্ৰকাশ অনুৰাগীৰ

"কাল ৰাত য়ে ল'গ বাৰগাৰ খা ৰেহে থে" - পাকিস্তানৰ পদৰ্শনত অসন্তুষ্টি প্ৰকাশ অনুৰাগীৰ

বিশ্বকাপত ভাৰতে পাকিস্তানক বৃহৎ ৰানৰ ব্যবধানত পৰাজিত হোৱাৰ পাছত পাকিস্তানৰ টিমৰ অনুৰাগী সকল ক্ষুদ্ধ হৈ পৰে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল অনুৰাগী সকল তেওঁলোকে আশা কৰিছিল যে তেওঁলোকৰ পছন্দ দলটোৱে জয় লাভ কৰিব । একেদৰে পাকিস্তানী দলৰ অনুৰাগী সকলেও পাকিস্তানে ভাৰতক পৰাজিত কৰিব বুলি আশা কৰিছিল । কিন্তু পাকিস্তানৰ পদৰ্শন দেখি অসন্তুষ্ট ব্যক্ত কৰে অনুৰাগী সকলে। পাকিস্তান টিমৰ অবস্থা দেখি কিছুমান অনুৰাগীৰ চকুপানী ওলাই যোৱাও পৰিলক্ষিত হয় ।

ইংলেণ্ডৰ মানচেষ্টাৰত ভাৰতৰ হাতত পৰাজিত হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে দেশখনৰ একাংশ নাগৰিক। টুইটাৰত পাকিস্তান দলৰ অধিনায়কজনক ঘৰলৈ উভতি যোৱাৰ পৰামৰ্শ দিছে বহুজনে। আচলতে ভাৰতৰ হাতত ৮৯ ৰানত পৰাজিত হোৱাৰ বাবে অধিনায়ক ছৰফৰাজ আহমেদকে জগৰীয়া কৰিছে পাকিস্তানৰ নাগৰিকে। ছৰফৰাজক আটাইতকৈ বেছি সমালোচনা কৰিছে টছ জিকাৰ পিছতো বলিঙৰ কৰাৰ সিদ্ধান্ত লোৱাক লৈ। ইয়াৰ পিছতে ভাৰতে পাকিস্তানৰ বলাৰক একপ্ৰকাৰ দিশহাৰা কৰিছিল।

ভাৰতে প্ৰথমে বেটিং কৰি পাকিস্তানক ৩৩৭ ৰান বান্ধি দিয়ে। ৩৩৭ ৰানৰ পৰিবৰ্তে পাকিস্তানে ৬ টা উইকেট হেৰুৱাই ২১২ ৰান কৰিবলৈ সক্ষম হয়। খেলত ভাৰতৰ খেলুৱৈ ৰহিত শৰ্মায়ে শতক দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে কলদ্বিপ য়াদবে অতি সুন্দৰ স্পিন কৰাৰ ফলতে পাকিস্তানী দলটো ধৰাশায়ী হয়। অনুৰাগী সকলে আশা কৰা ধৰণৰ নহয় পাকিস্তানৰ পদৰ্শন।

বৰষুণে খেল খনত বিধি পথালি দিয়াৰ ফলতে পাকিস্তানক ৪০ অভাৰত ৩০২ ৰান বান্ধি দিয়ে ভাৰতে । পাকিস্তানৰ এনে পদৰ্শনত অসন্তুষ্টি প্ৰকাশ কৰি কিছুমান অনুৰাগীয়ে কান্দি দিয়াও পৰিলক্ষিত হয় আৰু একাংশয়ে ক্ষুদ্ধ হৈ চিঞৰি উঠে যে - "কাল ৰাত এয়ে ল'গ বাৰগাৰ, পিজা খা ৰেহে থে " । লগতে পাকিস্তানৰ অনুৰাগী সকলে কয় যে, পাকিস্তানী খেলুৱৈ সকলৰ শাৰীৰিক পৰিচৰ্চা নথকাৰ বাবে ভাৰতৰ খেলুৱৈ হাতত ধৰাশায়ী হয় । পাকিস্তান ভাৰতৰ সৈতে একেৰাহে পৰাজিত হৈ আহিছে । পূৰ্বৰ খেল খনতো পৰাস্ত হৈছিল পাকিস্তান। তেওঁলোকৰ পচন্দত দলটো পৰাস্ত হোৱাত পাকিস্তানী অনুৰাগীৰ ক্ষোভৰ বহি প্ৰকাশ হয়। একাংশয়ে প্ৰকাশ কৰিছে যে পাকিস্তানৰ স্কিপাৰ চাৰফৰাচ আহমেদে টোপনি অহা ঔষধ গ্ৰহণ কৰিছিল নেকি? যে তেওঁ এখন হাই ভল্টেজ খেলত এঙামুৰি দি আছিল বুলি প্ৰকাশ কৰে । আনহাতে, ভাৰতীয় খেলুৱৈয়ে খেলত নিজৰ শ্ৰেষ্ঠ পদৰ্শন দেখুৱাব'লৈ সক্ষম হৈছে । দেওবাৰৰ খেল খনত বিৰাট কোহলিয়ে ৰেকৰ্ড কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com