কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত প্ৰদীপ কুমাৰ তালুকদাৰক গ্ৰেপ্তাৰ

কৰিমগঞ্জৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত প্ৰদীপ কুমাৰ তালুকদাৰক শনিবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লেণ্ড পৰ্ট অথৰিটী অট ইণ্ডিয়াৰ কেছ নম্বৰ ৭৫৬/১৯ ইউ/এছ ১২০ (বি)/৪২০/৪৬৮/৪৭১/৪০৯ আই পি চিসহ আৰু ১৯ টা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপ কুমাৰ তালুকদাৰক।
উল্লেখ্য যে ভূমি ক্ৰয়ৰ সন্দৰ্ভত কৰা কেলেংকাৰীৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰদীপ কুমাৰ তালুকদাৰক। ইফালে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৯ জুলাইত প্ৰদীপ কুমাৰ তালুকদাৰক নিলম্বণ কৰা হৈছিল ৷
আনহাতে লেণ্ড প’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াই সূতাৰকান্দিত নিৰ্মাণ কৰা চেক গেটৰ ভূমি অধিগ্ৰহণৰ বাবদ চৰকাৰী ধন কেন্দ্ৰই কৰিমগঞ্জ জিলা প্ৰশাসনক ২০১৮ চনতেই মোকলাই দিছিল ।কিন্তু তদানীন্তন জিলা উপায়ুক্ত প্ৰদীপ কুমাৰ তালুকদাৰে দালালৰ সহিতে কোটি কোটি টকা হস্তগত কৰে ৷ ইয়াৰ পিছত দেওবাৰে গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰদীপ কুমাৰ তালুকদাৰক ৷
অন্য খবৰৰ বাবে পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত উন্নতিৰ পথত আগুৱাই গৈছে:ভূৱনেশ্বৰ কলিতা
ভিডিঅ প্ৰতক্ষ্য কৰক:Ganasilpi Khagen Mahanta Udyan inaugurated