কৰ্ণাটকত ৰাজনৈতিক সংকট: ২২ কংগ্ৰেছৰ মন্ত্ৰীৰ পদত্যাগ

কৰ্ণাটকত ৰাজনৈতিক সংকট: ২২ কংগ্ৰেছৰ মন্ত্ৰীৰ পদত্যাগ

কৰ্নাটকত তীব্ৰ ৰাজনৈতিক সংকট । ১৩ মহীয়া চৰকাৰৰ ধৰি ৰাখিবলৈ ২২ জন কংগ্ৰেছৰ মন্ত্ৰী য়ে পদত্যাগ কৰিছে । সোমবাৰে দলৰ মুখ্য দিনেশ গুন্দু ৰাওক মন্ত্ৰী সকলে পত্ৰ দাখিল কৰে। কৰ্নাটকৰ উপ মুখ্যমন্ত্ৰী জি পাৰামেশ্বাৰাৰ লগত হোৱা বৈঠকৰ পাছতে পদত্যাগ কৰে মন্ত্ৰী সকলে ।

কংগ্ৰেছৰ মন্ত্ৰী আৰু কৰ্নাটকৰ উপ মুখ্যমন্ত্ৰী জি পাৰামেশ্বাৰাৰ লগত হোৱা বৈঠকৰ পাছতে আজি সকলো কংগ্ৰেছৰ মন্ত্ৰীয়ে পদত্যাগ কৰিছে । চৰকাৰ খন ধৰি ৰাখিবলৈ প্ৰয়োজনীয় সকলো খিনি কৰিব বুলি প্ৰকাশ কৰে । উপ মুখ্যমন্ত্ৰী জি পাৰামেশ্বাৰায়ে কয় যে, " আমি জানো যে বিজেপিয়ে চৰকাৰ খন ভাঙিবলৈ চেষ্টা কৰি আছে। যদি প্ৰয়োজন হয় আমি সকলোৱে পদত্যাগ কৰিম "।

কৰ্নাটক চৰকাৰৰ ৰাজনৈতিক সংকটত আৰম্ভ হয় ১৩ জন বিধায়কে পদত্যাগ কৰাৰ পিছত । ১৩ জনৰ ১০ কংগ্ৰেছৰ আৰু ৩ জন জেডি ৰ বিধায়ক আছিল । তেওঁলোকে কৈছিল যে ১৩ জন বিধায়ক একেলগে আছে আৰু তেওঁলোকৰ পদত্যাগ প্ৰত্যাহাৰৰ কোনো প্ৰশ্নয়ে নাহে ।

এই ১৩জন বিধায়কৰ পদত্যাগৰ পিছত বিধানসভাৰ শক্তি ২২৪ৰ পৰা নামি ২১১জন হৈছে। ইয়াৰে এখন আসন অধ্যক্ষৰ। এই অনুসৰি বিধানসভাৰ গণিত ২১০জনৰ সৈতে হ’ব আৰু ক্ষমতা ধৰি ৰাখিবলৈ ১০৬জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। বিজেপিৰ হাতত ইতিমধ্যেই ১০৫জন বিধায়ক আছে।

বিধায়ক সকলৰ পদত্যাগৰ পিছত বিজেপি জৰিত হৈ আছে বুলিও সন্দেহ প্ৰকাশ কৰিছে । বিজেপিৰ জেষ্ঠ নেতা আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে যে, কৰ্নাটকৰ ৰাজনৈতিক সংকটৰ লগত বিজেপি জৰিত নহয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com