ডুবাইত ভ্ৰমন কৰি নোপোৱা এজন যুৱক , যিয়ে আবু ডুবাইত লাভ কৰিলে ২৩ কোটি টকা

ডুবাইত ভ্ৰমন কৰি নোপোৱা এজন যুৱক , যিয়ে আবু ডুবাইত লাভ কৰিলে ২৩ কোটি টকা

ডুবাইত ভ্ৰমন কৰি নোপোৱা এজন যুৱক , যিয়ে আবু ডুবাইত লাভ কৰিলে ২৩ কোটি টকা ।

দক্ষিণ কৰ্ণাটকৰ এজন ২৪ বছৰীয়া যুৱক যিয়ে ৰাতি সপোন দেখিছিল যে তেওঁ আবু ডুবাইত লটাৰী টিকতত জয়ী হৈছিল । যেতিয়া যুৱক জনে দ্বিতীয় দিনা নিজৰ কৰ্মস্থলীলৈ গৈছিল তেতিয়া আয়োজক সকলে তেওঁক জনাইছিল যে ইউনাইটেড আৰৱ এমিৰাটতত ২৩ কোটি টকা জয়ী হৈছিল ( ১২ মিলিয়ন ইউ এ ই দিৰহাম ) ।

চুলিয়াৰ জাতিপাল্লা নিবাসী মহম্মদ ফৈয়াজ জাহ নামৰ যুৱক জনে সদায় ডুবাইত কাম কৰাৰ বাবে আগ্ৰহী আছিল । কিন্তু যুৱকজনে কেতিয়াও গুল্ফ ভ্ৰমন কৰা নাছিল । ফৈয়াজে কয় যে তেওঁ পাছপোৰ্ট লাভ কৰিছিল , কিন্তু কেতিয়াও গুল্ফ ভ্ৰমন কৰাৰ বাবে কোনো ধৰনৰ পৰিকল্পনা কৰা নাছিল । মহম্মদ ফৈয়াজে জনোৱা অনুসৰি বিগত এবছৰৰ পৰা ফৈয়াজ মুম্বাইত একাউণ্টটেন্ট হিচাপে কাৰ্যৰত অৱস্থাত আছে । তাৰোপৰি মহম্মদ ফৈয়াজে জনায় যে তেওঁ ছয় বাৰ নিজৰ ভাগ্য পৰীক্ষা কৰি অনলাইন যোগে গুল্ফৰ লটাৰী টিকট ক্ৰয় কৰিছিল । লগতে এইবাৰ তেওঁ জয়ী হব বুলি অনুভৱ কৰিব পাৰিছিল । অনলাইন যোগে হোৱা এই লটাৰী টিকটৰ মূল্য আছিল ৯,৬০০ টকা ।

মহম্মদ ফৈয়াজ বানিজ্য বিভাগৰ স্নাতকোত্তৰ । ফৈয়াজে লটাৰী টিকট চেপ্তেম্বৰ মাহত ক্ৰয় কৰিছিল । মহম্মদ ফৈয়াজে নাজানে যে তেওঁৰ জীৱন সলনি কৰি দিয়া ২৩ কোটি টকা তেওঁ কি কৰিব । লগতে মহম্মদ ফৈয়াজে কয় যে তেওঁ তেওঁৰ বৰ্তমানৰ চাকৰী সলনি নকৰে । কিয়নো এই চাকৰিটো তেওঁৰ বাবে ভাগ্যবান ও হ'ব পাৰে ।

ফৈয়াজে কয় যে তেওঁ তেওঁৰ পৰিয়ালৰ সহযোগত বিদেশত চাকৰি কৰিব বিচাৰিছিল । কিন্তু বৃক্ক ৰোগত আক্ৰান্ত হোৱা ফলত তেওঁ তেওঁৰ পিতৃ মাতৃক হেৰুৱাইছিল । তাৰ পিছতেই বৰ্তমান কৰ্মৰত অৱস্থাত থকা কোম্পানীত চাকৰি লাভ কৰিছিল যুৱকজনে‌।

মহম্মদ ফৈয়াজে কয় যে তেওঁৰ পিতৃয়ে বহু দিনৰ পৰাই চৌদি আৰৱত পৰিশ্ৰম কৰিছিল । তেওঁৰ ডাঙৰ ভাইটি ভগ্নী আৰু জ্যেষ্ঠ ভগ্নীয়ে পি ইউ কৰিছে । তাৰোপৰি মহম্মদ ফৈয়াজে কয় যে আমি আমাৰ সফলতাৰ পিছত পিতৃ মাতৃক হেৰুৱা ঘটনাই এতিয়াও মৰ্মাহত কৰে । লগতে তেওঁ কয় যে ঘৰ বনাবলৈ মাটি বিক্ৰী কৰিছিল তেওঁলোকে ।

তাৰোপৰি মহম্মদ ফৈয়াজে কয় যে তেওঁৰ ভাইটি এজন এম বি এ স্নাতকোত্তৰ । কিন্তু জীৱন নিৰ্বাহৰ বাবে মাছৰ ট্ৰাক চলাই । লগতে ফৈয়াজে তেওঁৰ ভাতৃক সহায় কৰাৰ উপৰিও ঘৰৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব । কিন্তু বৰ্তমানৰ কাৰনে মহম্মদ ফৈয়াজে তেওঁৰ লটাৰীত লাভ কৰা ধনৰাশিৰ চেক ল'বলৈ আবু ডুবাইলৈ ৰাওনা হ'ব ।

ভিডিঅ প্ৰতক্ষ্য কৰক Durga Puja 2019: Durga Puja Celebrations from Assam Bhawan in Navi Mumbai

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com