বৰুণ ধাৱান,আলিয়া ভাটৰ পিছত ইউ টিউব চেনেল কাৰ্তিক আয়ানৰঃ চৰ্চিত সৰ্বত্ৰে

বৰুণ ধাৱান,আলিয়া ভাটৰ পিছত ইউ টিউব চেনেল কাৰ্তিক আয়ানৰঃ চৰ্চিত সৰ্বত্ৰে

বৰুণ ধাৱান,আলিয়া ভাটৰ দৰে এইবাৰ অভিনেতা কাৰ্তিক আয়ানে মুকলি কৰিলে এটা ইউ টিউব চেনেল। শেহতীয়াকৈ পতি পত্নী অ’ৰ ৱ’ ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত থকা কাৰ্তিক আয়ানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইউটিউব চেনেলটোৰ কথা প্ৰকাশ কৰিছে। লগতে লিখিছে যে Every bit of my life belongs to you. Guys.so here's welcoming you all into my personel world filled with love,laughter and happiness.here's a sneak peek of my youtube channel.Kartik Aaryan -launching today.

https://www.instagram.com/p/B2drtYdlFUp/

আনহাতে আলিয়া ভাট,বৰুণ ধাৱান,দিশা পাটনীৰ লগত অন্যান্য চেলীব্ৰেটীসকলৰ লগতে কাৰ্তিক আয়ানৰ চেনেলটোৱেও দৰ্শকৰ পৰা মৰম লাভ কৰিব বুলি আশা কৰিছে অভিনেতা গৰাকীয়ে ৷

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে নতুনকৈ মুকলি কৰিলে এটি ইউটিউব চেনেল ৷ টুইটাৰ আৰু ইনষ্টাগ্ৰামত সততে এক্টিভ হৈ থকা আলিয়া ভাট্টৰ ইউ টিউব চেনেলটোৰ নাম Aliabe৷ ইফালে আলিয়া ভাট্টৰ ইউ টিউব চেনেলটোক প্ৰথম দিনাই প্ৰায় ৮৭ হাজাৰ লোকে ছাবক্ৰাইব কৰিছে আৰু ২ লাখ লোকে লাইক কৰিছে ৷ আলিয়া ভাট্টে টুইটাৰৰ যোগেৰে ইউটিউব চেনেলটোৰ কথা প্ৰকাশ কৰিছে ৷

ইউটিউব চেনেলটোৰ জৰিয়তে আলিয়াই ছবিৰ দৃশ্য গ্ৰহণৰ মাজত হোৱা বিভিন্ন ঘটনা,আনন্দ প্ৰকাশ কৰিছে ৷লগতে চেনেলটোৰ জৰিয়তে ফিটনেচ স্কীপ্ত, লাইফষ্টাইল আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিব। ২ মিনিট ৪২ ছেকেণ্ডৰ এটি ভিডিঅ’ৰ জৰিয়তে আলিয়া ভাট্টে কয় যে ইনষ্টাগ্ৰাম,টুইটাৰৰ জৰিয়তে অনুৰাগীয়ে মোক বহুত মৰম দিলে৷সম্প্ৰতি ইউটিউবৰ জৰিয়তে বন্ধু বান্ধবীসকলৰ লগত একত্ৰিত হ’ম ৷

উল্লেখ্য যে আলিয়া ভাট্ট হৈছে বলীউডৰ প্ৰথম অভিনেত্ৰী যিয়ে ইউটিউব চেনেল লন্স কৰিছে ৷ কিন্তু বলীউডত এনে বহু ষ্টাৰ আছে যিয়ে ছ’চিয়েল মিডিয়াৰ এই প্লেটফৰ্মৰ পৰা আঁতৰি আছে।

আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

লগতে কামক লৈ ৰনবীৰ কাপুৰৰ একাগ্ৰতা আৰু নৈতিক এই সকলোবোৰ আলিয়াৰ কাৰণে উল্লেখ্যনীয় বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে শেহতীয়া কলংক ছবিৰ প্ৰমোশ্যনত যাওঁতে আলিয়া বৰণ ধাৱনক ভূলবশত ৰনবীৰ বুলি কোৱাক লৈ চৰ্চা হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক: কলেজৰ দিনত ট্ৰেইনত গিটাৰ বজাই ধন উপাৰ্জন কৰিছিল আয়ুস্মান খুৰানাই

ভিডিঅ প্ৰতক্ষ্য কৰক:Frozen Planet inaugurated in Guwahati | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com