Begin typing your search above and press return to search.

লভ আজ কল২ দৃশ্য গ্ৰহণস্থলীত বলীউডৰ অভিনেতা কাৰ্তিক আয়ানৰ নতুন বন্ধু

লভ আজ কল২ দৃশ্য গ্ৰহণস্থলীত বলীউডৰ অভিনেতা কাৰ্তিক আয়ানৰ নতুন বন্ধু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2019 12:27 PM GMT

লভ আজ কল২ দৃশ্য গ্ৰহণস্থলীত বলীউডৰ অভিনেতা কাৰ্তিক আয়ানৰ নতুন বন্ধু ৷ বলীউডৰ অভিনেতা কাৰ্তিক আয়ানে সম্প্ৰতি হিমাচল প্ৰদেশত ইমতিয়াজ আলীৰ লভ আজ কল2 ৰ চিত্ৰ গ্ৰহণ কৰি আহিছে ৷ সম্প্ৰতি ছ’চিয়েল মিডিয়াত লভ আজ কল ২ ৰ বিভিন্ন ভিডিঅ’ই সম্প্ৰতি অনুৰাগীসকলৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে ৷

https://www.instagram.com/p/BzpfyVsF3Py/

কেৱল কাৰ্তিক আয়ানেই নহয় বলীউডৰ অভিনেত্ৰী সাৰা আলি খানেও বিভিন্ন সময়ত বিভিন্ন ভিডিঅ’ অনুৰাগীলৈ আগবঢ়াই আহিছে ৷ ইফালে সম্প্ৰতি কাৰ্তিক আয়ানে শিশু সকলৰ লগত খেলা ভিডিঅ’ ক্ষীপ্ৰ গতিত ভাইৰেল হৈছে ৷ লগতে কেপশ্যনত শিশু সকলক নতুন বেষ্ট ফেণ্ড বুলিও উল্লেখ কৰিছে ৷

উল্লেখ্য যে,পৰিচালক ইমতিয়াজ আলীৰ লভ আজ কল ২ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পিছত কাৰ্তিক আয়ান আৰু সাৰা আলী খানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ দৃশ্য গ্ৰহণৰ বিভিন্ন আলোকচিত্ৰ অনুৰাগীলৈ আগবঢ়াইছ ৷

https://www.instagram.com/p/BzYPp9Tl2s1/

ইয়াৰ পিছতেই বলীউডৰ আন এজন অভিনেতা ৰনবীৰ সিং সাৰা আৰু কাৰ্তিক আয়ানক কয় যে পাহৰি নাযাবা সকলোতকৈ প্ৰথমতে কোনে মিলাইছিল ৷ ইফালে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান কফী উইথ কৰণত সাৰা আলি খানে কৈছিল যে কাৰ্তিক আয়ানক ভাল লাগে সাৰাৰ ৷আৰু সেই সময়তে সাৰা আৰু ৰনবীৰ সিঙে চিম্বা ছবিৰ প্ৰম্যোশ্যন কৰি আছিল ৷

ইয়াৰ পিছতেই এটি অনুষ্ঠান ৰনবীৰ সিঙে সাৰা আলি খান আৰু কাৰ্তিক আয়ানক চিনাকি কৰাই দিয়ে৷সদ্যহতে সাৰা আৰু কাৰ্তিক আয়ানে ইমতিয়াজ আলীৰ লভ আজ কল টু দৃশ্য গ্ৰহণ কৰি আছে ৷ ছবিখনৰ দৃশ্য গ্ৰহণ দিল্লী,উদয়পুৰ,মুম্বাই আৰু হিমাচল প্ৰদেশত কৰা হৈছে ৷

ইনষ্টাগ্ৰামৰ জৰিয়তে সাৰা আলি খানে লভ আজ কল টুৰ সকলো কলা কুশলীক উদ্দেশ্য কৰি বাৰ্তা প্ৰেৰণ কৰে। লগতে কাৰ্তিক আয়ানক উদ্দেশ্য কৰি সাৰাই লিখে যে মোক সকলো সময়তে কমফৰ্টেবল পৰিবেশ সৃষ্টি কৰি দিয়াৰ কাৰণে ধন্যবাদ ।কফীৰ পৰা চাহলৈকে প্ৰতিটো মুহুৰ্ততে মোক সংগ দিয়াৰ কাৰণে ধন্যবাদ ৷মই আশা কৰিছোঁ আমি আকৌ একেলগে আকৌ ছবি কৰিম।

অন্যহাতে ছবিখনৰ অন্য এজন অভিনেতা ৰনডীপ হুডায়ে টুইটাৰৰ জৰিয়তে নিজৰ অভিব্যক্তি প্ৰকাশ কৰে ৷লভ আজ কল ২ ছবি খনৰ মুক্তি পাব ২০২০ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰীত ৷ ছবিখন ২০০৯ চনৰ মুক্তি লাভ কৰা ছবি লভ আজ কল ছবিৰ ছিকুৱেল ৷

অন্য খবৰৰ বাবে পঢ়ক: সত্তৰ দশকৰ বলীউডৰ প্ৰসিদ্ধ ছবি পতি পত্নী আৰু ৱ’ পুনৰ নিৰ্মাণ:উৎসুক অনুৰাগী

Next Story
চাকৰি