Begin typing your search above and press return to search.

সত্তৰ দশকৰ বলীউডৰ প্ৰসিদ্ধ ছবি পতি পত্নী আৰু ৱ’ পুনৰ নিৰ্মাণ:উৎসুক অনুৰাগী

সত্তৰ দশকৰ বলীউডৰ প্ৰসিদ্ধ ছবি পতি পত্নী আৰু ৱ’ পুনৰ নিৰ্মাণ:উৎসুক অনুৰাগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 11:35 AM GMT

সত্তৰ দশকত মুক্তি লাভ কৰা বলীউডৰ ছবি পতি পত্নী আৰু ৱ’ৰ পুনৰ নিৰ্মান হ’ব ৷ ছবিখনত অভিনয় কৰিব কাৰ্তিক আয়ান,ভূমি পাডনেকাৰ আৰু অন্যন্যা পাণ্ডেই ৷ ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব ৯ জুলাইৰ পৰা ৷ সত্তৰ দশকৰ পতি পত্নী আৰু ৱ’ ছবিখনত সঞ্জীৱ কুমাৰ,ৰঞ্জীতা কৌৰ আৰু বিদ্যা সিন্হাই অভিনয় কৰিছিল ৷

এক বিশেষ সূত্ৰ মন্তব্য অনুসৰি ছবিখনত অন্যন্যা পাণ্ডেই পতি পত্নী আৰু ৱ ছবিখনৰ ৰঞ্জিতা কৌৰৰ চৰিত্ৰটোত অভিনয় কৰিব পাৰে । ইয়াৰ বিপৰীতে ভূমি পাডনেকাৰে বিদ্যা সিন্হাৰ চৰিত্ৰত অভিনয় কৰিব পাৰে । পুৰণি ছবি খনৰ দৃশ্য গ্ৰহণ হৈছিল মুম্বাইত৷ আনহাতে নতুন পতি পত্নী আৰু ৱ ছবিখনৰ দৃশ্য গ্ৰহণ হ’ব উত্তৰ প্ৰদেশত ৷

ইফালে অভিনেত্ৰী ভূমি পাডনেকাৰে কয় যে নিজৰ জীৱনৰ সৈতে বহুত সাদৃশ্য আছে তেওঁৰ চৰিত্ৰটো ৷কাৰণ ভূমি বহুত প্ৰত্যাহ্বানক অতিক্ৰম কৰিব বিচাৰা যুৱতী ৷লগতে অনুৰাগীসকলে প্ৰথমবাৰৰ কাৰণে এনেধৰণৰ চৰিত্ৰত দেখিবলৈ পাব বুলি মন্তব্য কৰে ভূমি পাডনেকাৰে ।মুদচ্চৰ অজীজৰ দ্বাৰা নিৰ্দেশিত এই ছবিখন মুক্তি পাব ৬ ডিচেম্বৰত ৷

ইফালে কাৰ্তিক আয়ান সম্প্ৰতি ব্যস্ত হৈ আছে লভ আজ কলত ৷সোমবাৰে পৰিচালক ইমতিয়াজ আলীৰ লভ আজ কল ২ দৃশ্য গ্ৰহণ সমাপ্ত হোৱাৰ পিছত কাৰ্তিক আয়ান আৰু সাৰা আলী খানে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ছবিখনৰ দৃশ্য গ্ৰহণৰ বিভিন্ন আলোকচিত্ৰ অনুৰাগীলৈ আগবঢ়াইছ ৷

ইয়াৰ পিছতেই বলীউডৰ আন এজন অভিনেতা ৰনবীৰ সিং সাৰা আৰু কাৰ্তিক আয়ানক কয় যে পাহৰি নাযাবা সকলোতকৈ প্ৰথমতে কোনে মিলাইছিল ৷ ইফালে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান কফী উইথ কৰণত সাৰা আলি খানে কৈছিল যে কাৰ্তিক আয়ানক ভাল লাগে সাৰাৰ ৷আৰু সেই সময়তে সাৰা আৰু ৰনবীৰ সিঙে চিম্বা ছবিৰ প্ৰম্যোশ্যন কৰি আছিল ৷ ইয়াৰ পিছতেই এটি অনুষ্ঠান ৰনবীৰ সিঙে সাৰা আলি খান আৰু কাৰ্তিক আয়ানক চিনাকি কৰাই দিয়ে৷সদ্যহতে সাৰা আৰু কাৰ্তিক আয়ানে ইমতিয়াজ আলীৰ লভ আজ কল টু দৃশ্য গ্ৰহণ কৰি আছে ৷ ছবিখনৰ দৃশ্য গ্ৰহণ দিল্লী,উদয়পুৰ,মুম্বাই আৰু হিমাচল প্ৰদেশত কৰা হৈছে ৷

ইনষ্টাগ্ৰামৰ জৰিয়তে সাৰা আলি খানে লভ আজ কল টুৰ সকলো কলা কুশলীক উদ্দেশ্য কৰি বাৰ্তা প্ৰেৰণ কৰে। লগতে কাৰ্তিক আয়ানক উদ্দেশ্য কৰি সাৰাই লিখে যে মোক সকলো সময়তে কমফৰ্টেবল পৰিবেশ সৃষ্টি কৰি দিয়াৰ কাৰণে ধন্যবাদ ।কফীৰ পৰা চাহলৈকে প্ৰতিটো মুহুৰ্ততে মোক সংগ দিয়াৰ কাৰণে ধন্যবাদ ৷মই আশা কৰিছোঁ আমি আকৌ একেলগে আকৌ ছবি কৰিম। ইফালে সাৰাৰ এটি বাৰ্তাত কাৰ্তিক আয়ানে লিখে যে আমাৰ এই যাত্ৰাত এগৰাকী উল্লেখ্যনীয় লগৰী হোৱাৰ কাৰণে ধন্যবাদ ৷সাৰা আলি খানৰ লগত মই পুনৰ কাম কৰিব বিচাৰোঁ ৷

অন্য খবৰৰ বাবে পঢ়ক: বলীউডৰ এগৰাকী অভিনেত্ৰীৰ অনুৰাগী অন্যন্যা পাণ্ডেঃ কিন্তু কোন এইগৰাকী অভিনেত্ৰী ?

Next Story
চাকৰি