Begin typing your search above and press return to search.

ঐতিহ্যমণ্ডিত স্থান সমূহৰ বেদখলক লৈ উদ্বেগ প্ৰকাশ মন্ত্ৰী কেশৱ মহন্তৰ

ঐতিহ্যমণ্ডিত স্থান সমূহৰ বেদখলক লৈ উদ্বেগ প্ৰকাশ মন্ত্ৰী কেশৱ মহন্তৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Aug 2019 7:38 AM GMT

ৰাজ্যৰ বহুতো ঐতিহাসিক স্থান আৰু পুৰাতত্ব স্থানত সমূহ বেদখলৰ কৱলত । ৰাজ্য চৰকাৰৰ পুৰাতাত্বিক বিভাগৰ অধিনত বহুতো ঐতিহাসিক স্থান নাই। বৰ্তমানৰ পুৰাতাত্বিক বিভাগ অৰ্থৰ অভাৱত ভূগিছে। বৰ্তমান ২.৬৪ কোটি অনুমোদন লাভ কৰিছে ।

ৰাজ্যৰ এই ঐতিহাসিক স্থান সমূহ বেদখল মুক্ত কৰিবলৈ চৰকাৰে ব্যবস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তয়ে ।বৰ্তমান " হেৰিটেজ চিটি" (Heritage city) প্ৰকল্প গ্ৰহণ কৰা হৈছে ।

মন্ত্ৰী কেশৱ মহন্তয়ে সদনৰ মজিয়াত প্ৰকাশ কৰে যে, " world heritage city চুক্তিৰ মতে উজনি অসমৰ ঐতিহাসিক স্থান , আহোম স্বৰ্গদেউ স্থান সমূহ চৰাইদেউ অন্তৰ্ভুক্ত কৰিব আৰু কেন্দ্ৰীয় চৰকাৰৰ টিমে পৰিদৰ্শন কৰিব । এই স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ২৫ কোটি টকা আবন্টন লাভ কৰিছে । তেওঁ লগতে প্ৰকাশ কৰে যে বৰ্তমান চৰকাৰে মটক আৰু মৰানৰ ঐতিহাসিক স্থান সমূহ চিনাক্ত কৰিছে।

জালুকবাৰীৰ "মোমাই কটা গড়"ৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তয়ে প্ৰকাশ কৰে যে, " পুৰাতত্ব বিভাগে জিলা প্ৰশাসনক এই স্থান সমূহ স্থানান্তৰ কৰিবলৈ প্ৰকাশ কৰিছিল । জিলা প্ৰশাসনে ইতিমধ্যে ইয়াৰ কাম আৰম্ভ কৰিছে । লগতে তেওঁ প্ৰকাশ কৰে যে, শিৱসাগৰৰ ন-পুখুৰী দিশত বেদখল মুক্ত কৰা হৈছে যদিও বৰ্তমানে সীমান্তৰ কাঁটাতাৰ ওচৰত বেদখল কৰিছে একাংশয়ে।ৰাজ্যত ঐতিহাসিক আৰু পুৰাতাত্বিক, বুৰঞ্জীমুলক স্থান প্ৰায় ৪০০ টা আছে । কিন্তু পুৰাতত্ব বিভাগৰ তত্বাবধানত প্ৰায় ১৩০ টা স্থানহে আছে।

আনহাতে , সোমবাৰে অসম বিধানসভাত চৰকাৰে উত্থাপন কৰে সত্ৰৰ ভূমি বেদখল মুক্ত কৰা বিধেয়ক । সত্ৰৰ ভূমি আৰু আন ধৰ্মীয় অনুস্থান সমূহ বেদখল মুক্ত কৰিবলৈ বিধেয়ক উত্থাপন কৰে চৰকাৰে । ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই ” অসমৰ ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনি) আইন ২০১৯ (The Assam Land and Revenue Regulation) বিধেয়ক খন উত্থাপন কৰে ।

অসমত এশৰো অধিক বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুস্থান আছে। প্ৰকাশ কৰা তথ্য মতে , এই ধৰ্মীয় অনুস্থান আৰু সত্ৰৰ ভূমি সমূহ বেদখল কৰি আছে বহুতো লোকে আৰু এই ভূমি সমূহ বেদখল মুক্ত কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । সেয়েহে চৰকাৰে এই ঐতিহাসিক স্থান সুৰক্ষা কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

বিধেয়ক খন গৃহীত হোৱাৰ পাছত জিলা উপায়ুক্ত আৰু অসামৰিক উপ-বিভাগীয় বিষয়াক বেদখল মুক্ত কৰিবলৈ সম্পুৰ্ণ দায়িত্ব দিয়া হব । সত্ৰ তথা ধৰ্মীয় অনুস্থান সমূহৰ বেদখল মুক্ত কৰিবলৈ এই বিধেয়ক খন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক: অসম চৰকাৰে উত্থাপন কৰিলে সত্ৰ বেদখল মুক্ত কৰা বিধেয়ক

Next Story
চাকৰি