কপিলী জলবিদ্যুত প্ৰকল্প:পৰিস্থিতি অধ্যয়ন কৰিব বিশেষজ্ঞৰ দলে

কপিলী জলবিদ্যুত প্ৰকল্প:পৰিস্থিতি অধ্যয়ন কৰিব বিশেষজ্ঞৰ দলে

কপিলী জলবিদ্যুত প্ৰকল্পত পাইপলাইন বিস্ফোৰণ হৈ সংঘটিত হোৱা পৰিস্থিতিত নাজল নাথল অৱস্থা হৈছে লোকসকলৰ ৷ এই ঘটনাই সম্প্ৰতি ৭২ ঘন্টা অতিক্ৰম কৰিলে ৷কিন্তু এতিয়াও এই ঘটনাৰ কোনো উদ্ধাৰ অভিযান আৰম্ভ হোৱা নাই ৷যাৰ কাৰণে বহু নিৰুদ্দেশ ব্যক্তিক এতিয়াও বিছাৰি পোৱা নাই ৷ইয়াৰ মাজতে বিবিএমবি(Bhakra Beas Management Board),এনএইচপিচি (National Hydroeletric Power Corporation),আৰু বিএইচইএল (Bharat Heavy Electricals Limited ৰ বিশেষজ্ঞ সকলে পানী হ্ৰাস কৰিবৰ কাৰণে চেষ্টা কৰি আছে ৷

যাতে নিৰুদ্দেশ লোকসকলৰ উদ্ধাৰ অভিযান অনতি পলমে আৰম্ভ কৰিব পৰা যায় ৷ লগতে এই ঘটনাত কিমান পৰিমাণৰ ক্ষতি হ’ল তাৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। চাৰিজন লোকৰ লগতে নেপকোৰ তিনিজন কৰ্মচাৰী কপিলী জলবিদ্যুত প্ৰকল্পত হোৱা বিস্ফোৰণত নিৰুদ্দেশ হৈ আছে ।

ইফালে এই প্ৰকল্প বিস্ফোৰণ হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ গতিত পানীয়ে বুৰাই পেলাই সাগৰ সদৃশ কৰি পেলাই ৷ আনহাতে জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সকলো উদ্ধাৰকাৰী দলক এই কামৰ কাৰণে সাজু ৰাখিছে ৷ যদিও জলস্তৰ বহু সীমিত পৰিমাণে হ্ৰাস হৈছে ৷সেই কাৰণে উদ্ধাৰ অভিযান এতিয়াও আৰম্ভ কৰিব পৰা নাই।

নেপ’কোৰ প্ৰৱন্ধক দেৱতোষ ভট্টাচাৰ্যই এক সংবাদ বিজ্ঞপ্তি যোগে কয় যে পানী স্তৰ সীমিত হোৱালৈ সকলোৱে অপেক্ষা কৰিছে ৷কাৰণ পানীৰ সমস্যাৰ কাৰণে উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা নাই ।ডিমা হাচাও আয়ুক্ত অমিতাভ ৰাজখোৱাই উদ্ধাৰ অভিযানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে লোকসকলৰ লগত যোগাযোগ স্থাপনৰ চেষ্টা কৰি থকা হৈছে।

উল্লেখ্য যে স্বায়ত্ব শাসিত্ব পৰিষদৰ মুখ্য কাৰ্যকৰী সদস্যই নেপকো পৰিদৰ্শন কৰাৰ পিছত কয় যে এই ঘটনা আমাৰ সকলোৰে কাৰণে বহু দুৰ্ভাগ্য পূৰ্ণ। এই ঘটনা আৱদ্ধ লোকসকলৰ কাৰণে আমি সকলো প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোকক অনতি পলমে উদ্ধাৰ কৰিব পৰা যায়। লগতে পৰিষদে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এই ঘটনা অনতি পলমে চাবলৈ আৰু লোকসকলক ক্ষতিসমূহৰ পূৰণ কৰিব বুলি আশ্বাস দিয়ে ৷ ইফালে এনচিএইচএচিৰ চিইএম দেবলাল গ’ৰল’ছাই উদ্ধাৰ অভিযান আৰু অন্যান্য সুবিধাৰ বিষয়ে নেপকো আৰু উমৰাংচুৰ বিষয় ববীয়াসকলৰ লগত চৰ্চা কৰে ৷লগতে এই আলোচনাত উপস্থিত থাকে সাংসদ হৰেণ সিং বে ৷ আনহাতে দেবলাল গাৰ্লোছাই কপিলী জলবিদ্যুত প্ৰকল্পত সৰ্বস্ব হেৰুৱা লোকসকলক সুৰক্ষা দিবলৈ আশ্বাস দিয়ে ৷ লগতে সাংসদে এই ঘটনাৰ উচ্চ স্তৰৰ তদন্ত কৰা হ’ব বুলিও আশ্বাস দিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Job Scam at Brahmaputra Cracker Private Limited (BCPL) in Dibrugarh

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com