
এটা ৰহস্যময়ী গুহা, য'ত প্ৰৱেশ কৰা সহজ কিন্তু ওলাই অহাত সন্মুখীন হ'ব লগীয়া হয় বাধাৰ ।পৃথিৱীত এনেকুৱা বহু ঠাই আছে য'ত বিভিন্ন ধৰণৰ ৰহস্যময়ী বস্তুৰে আৱৰা। কিছুমান এনেকুৱা ঠাই আছে যিয়ে আপোনাকো আচৰিত কৰি তুলিব । ভাৰততো এনে বহু ঠাই আছে যি বোৰ বিভিন্ন ৰহস্য , প্ৰবাদ, আলৌকিক কথা আদিৰে আৱৰা । এনেকুৱা এখন ঠায়ে আছে মেঘালয়ত ।
দৰাচলতে ২০১৬ বৰ্ষত এই ঠাই খনত বৈজ্ঞানিক সকলে এটা ৰহস্যময়ী গুহাৰ সম্ভেদ পাইছিল। যিটো পাথৰৰ সকলোতকৈ ডাঙৰ গুহা । ইয়াত বিভিন্ন ধৰণৰ প্ৰৱেশ দ্বাৰ আছে । যিয়ে আপোনাক বিভ্ৰান্ত কৰি তুলিব পাৰে । এই গুহাটোৰ ভিতৰত এবাৰ সোমালে তাৰ পৰা সহজে বাহিৰত অহাটো অতি কঠিন হৈ পৰে ।
ভাৰতবৰ্ষৰ মেঘালয়ত অৱস্থিত এই গুহাটোৰ নাম হ'ল ক্ৰেম পুৰী ।এই গুহাটোৰ দৈৰ্ঘ্য ২৪.৫ কিলোমিটাৰ। এই গুহাটো পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱ গুহাৰ নামত বিখ্যাত। এই গুহাটো মৌচিনৰামৰ প্ৰায় ১৩ বৰ্গকিলোমিটাৰ ঠাই আগুৰি আছে। এই গুহাটোৰ সম্ভেদ প্ৰায় ৩০ জনীয়া এক বৈজ্ঞানিকৰ দলে কৰিছে । তাৰ ভিতৰত ভূ-বিজ্ঞানী, জল বিজ্ঞানী, জীৱ বিজ্ঞানী আৰু পুৰাতত্ববিদ আছিল।
জানিব পৰা অনুসৰি এই গুহাটোৰ ভিতৰত বহু কেইটা ৰাস্তা থকাৰ লগতে সৰু ডাঙৰ ৰাস্তাৰ চক্ৰবেহু ও আছে । ইয়াৰ আকৃতি সম্পূৰ্ণ পৃথক যিয়ে মানুহক বিভ্ৰান্ত কৰি তোলে । এই গুহিটোত বৃহৎ সংখ্যক জীৱ, মাছ, ভেকুলী, ডাঙৰ প্ৰজাতিৰ মকৰা, বাদুলি আদি আছে । বৈজ্ঞানিক সকলে এই গুহাটোৰ পৰা সামুদ্ৰিক জীৱ চাৰ্কৰ দাঁতৰ লগতে ডায়নোচৰৰ হাড় উদ্ধাৰ কৰিছিল। যি সমূহ প্ৰায় ছয় কোটি বছৰ আগতে সাগৰত পোৱা গৈছিল । এই গুহাৰ তাপমানো কিছু পৃথক। বাহিৰৰ তাপমান যিমানেই নহওক কিয় ক্ৰেম পুৰী নামৰ গুহাটোত তাপমান ১৬-১৭ ডিগ্ৰীৰ ভিতৰত থাকে । ইয়াত অক্সিজেন ও সঠিক মত্ৰাতে পোৱা যায়। কিয়নো এই গুহাটোত প্ৰৱেশ দ্বাৰৰ জৰিয়তে সঠিক ভাৱে বতাহ আহে ।
অন্য খবৰৰ বাবে পঢ়ক : পৃথিৱীৰ কিছুমান বিশেষ ঠাই,য’ত কোনো ব্যক্তি যাবলৈ ল’ব লাগে অনুমতি