Begin typing your search above and press return to search.

পৃথিৱীৰ কিছুমান বিশেষ ঠাই,য'ত কোনো ব্যক্তি যাবলৈ ল'ব লাগে অনুমতি

পৃথিৱীৰ কিছুমান বিশেষ ঠাই,যত কোনো ব্যক্তি যাবলৈ লব লাগে অনুমতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2019 10:57 AM GMT

পৃথিৱীৰ কিছুমান বিশেষ ঠাই,য'ত কোনো ব্যক্তি যাবলৈ ল'ব লাগে অনুমতি। পৃথিৱীত এনে বহু ঠাই আছে যি বোৰ কোনো কাৰণত বিখ্যাত। কিছুমান ঠাই যদি অতি ধুনীয়া আন কিছুমান ৰহস্যময়ী। কিছুমান এনেকুৱা ঠাইও আছে য'ত যোৱাৰ বাবে কাৰোৱে অনুমতি নাই । আমি আজি আপোনালোকক এনেকুৱা এখন ঠাইৰ কথা কম যি খন ঠাই ব্যতিক্ৰমী। এই ঠাই খন আছে জাপানত। জাপানত চিন্টো নামেৰে এখন ঠাইত "দ্যা গ্ৰেণ্ড শ্ৰাইন অফ আইজ " নামৰে এটা মন্দিৰ আছে । এই মন্দিৰটোত কেৱল মন্দিৰৰ পূজাৰি আৰু তেওঁৰ পৰিয়ালবৰ্গ যোৱাৰহে অনুমতি আছে । এই পূজাৰীৰ পৰিয়াল ৰাজঘাৰণাৰ সম্পৰ্কিত বুলি জানিব পৰা গৈছে। এই মন্দিৰটোৰ বিশেষত্ব এয়েই যে এই মন্দিৰটো প্ৰতি বিশ বছৰৰ মুৰে মুৰে ভাগি দিয়া হয় তাৰ পিছতেই আকৌ বনোৱা হয়।

ইয়াত এটা ভূমিগত বীজ ভাণ্ডাৰ আছে । এইটো পাহাৰৰ পৰা ৪৩০ ফুট তললৈ বনোৱা হৈছে। ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন প্ৰজাতিৰ প্ৰায় ১০ লাখ বীজ সংৰক্ষণ কৰা হৈছে। এই সমূহ বীজ জৰুৰীকালীন অৱস্থাৰ বাবে সংৰক্ষণ কৰি ৰখা হয়। এই ভাণ্ডাৰ টোলৈ সকলোৱে যোৱাৰ বাবে অনুমতি নাই । এই ভাণ্ডাৰটোলৈ কেৱল সেই সকল লোকহে যাব পাৰে যি সকলে ইয়াত কাম কৰে আৰু বীজ সংৰক্ষণ কৰি ৰাখে ।

তদুপৰি ফ্ৰান্সটো এনে এখন বিশেষ ঠাই আছে । ফ্ৰান্সৰ লচকচ নামৰ গুহাটোৰ সম্ভেদ ১৯৪০ চনত পোৱা গৈছিল । এই গুহাত ২০ হাজাৰ বছৰ পুৰণি আদিমানৱ কালৰ বহু হাজাৰ চিত্ৰ মজুত আছিল । এই গুহাটোত নিষিদ্ধতা আছে। কিয়নো গুহাটোত বিভিন্ন কীট পতংগৰ উপৰিও গুহাটো ভাঙি যোৱাৰ আশংকা আছে ।

ঠিক একেদৰে অষ্ট্ৰেলিয়াত হৰ্ড দ্বীপ নামৰ এটা জ্বলামুখী দ্বীপ আছে । ইয়াত এতিয়াও জ্বলামুখী দেখিবলৈ পোৱা যায়। যাৰ বাবে ইয়াত পৰ্যটকৰ বাবে নিষেধাজ্ঞা আছে ।

তদুপৰি বেটিকন নামৰ চহৰত এটা সংগ্ৰহালয় আছে । য'ত সকলোৱে যাব নোৱাৰে । জানিব পৰা মতে এই সংগ্ৰহালয়ত কেৱল প'প আৰু কিছুমান বিশেষ ব্যক্তি যোৱাৰহে অনুমতি আছে । ইয়াৰ কাৰণ এয়ে যে এই সংগ্ৰহালয়ত বহু বছৰ পুৰণি কিতাপ আৰু দস্তাবেজ আছে ।

গতিকে দেখা যায় যে পৃথিৱী খন বিভিন্ন ধৰণৰ ৰহস্যময়ী বস্তুৰে আৱৰা । এতিয়াও কিছুমান এনেকুৱা ঠাই আছে যি বিলাকৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই ।

অন্য খবৰৰ বাবে পঢ়ক : পৃথিৱীৰ এখন আজৱ হোটেল, যি খন অৱস্থিত দুখন দেশৰ মাজত

ভিডিঅ প্ৰতক্ষ্য কৰক: Anti-CAA protests: AASU and Artistes Society of Assam jointly conducts protest meeting in Sualkuchi

Next Story
চাকৰি