Begin typing your search above and press return to search.

ডিমা হাছাওত কৃষি বিজ্ঞান কেন্দ্ৰই অনুষ্ঠিত কৰে কিষান মেলা জলশক্তি অভিযান

ডিমা হাছাওত কৃষি বিজ্ঞান কেন্দ্ৰই অনুষ্ঠিত কৰে কিষান মেলা জলশক্তি অভিযান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2019 10:34 AM GMT

ডিমা হাছাওত কৃষি বিজ্ঞান কেন্দ্ৰই অনুষ্ঠিত কৰে কিষান মেলা জলশক্তি অভিযান। বুধবাৰে ডিমা হাছাওত অনুষ্ঠিত হয় কিসান মেলা জলশক্তি অভিযান । কৃষক সকলৰ মাজত সজাগতা ৰক্ষা কৰাৰ লগতে পানী সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় কীসান মেলা জলশক্তি অভিযান । লগতে উদযাপন কৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী। ডিমা হাছাওৰ কৃষি বিজ্ঞান কেন্দ্ৰই পানী সংৰক্ষণৰ ওপৰত উমৰাংছুৰ কাৰ্বি ক্লাবত আয়োজন কৰে কিসান মেলা জলশক্তি অভিযান।

ইয়াৰ লগত সংগতি ৰাখিয়েই এখন সভাও অনুষ্ঠিত কৰা হয় । এই সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে সাংসদ হৰেন সিং বেই । তাৰোপৰি এই সভাত আমন্ত্ৰিত অতিথি উপস্থিত থাকে উত্তৰ কাছাৰ পাহাৰীয়া স্বায়ত্ব পৰিষদ ( North cachar hills autonomous council ) ৰ মুখ্য কাৰ্যবাহী সদস্য ( chief executive member ) দেৱলাল ঘৰশলা , বিধায়ক বিবি হাগজেৰ ,চামুৱেল ছাংছাং আৰু এন চি এইচ এ চি ৰ ই এম ।

এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয় জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবিত ফুলৰ মাল্য অৰ্পন কৰা কাৰ্যৰ যোগেদি । লগতে বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি সাংসদ হৰেং চিং বেই ।

মুখ্য কাৰ্যবাহী সদস্য দেৱলাল ঘৰশালাই ডিমা হাছাওৰ জনসাধাৰণক পানী সংৰক্ষণৰ কৰিবলৈ আহ্বান জনায় । লগতে কয় যে জিলা খনৰ থলুৱা জনসাধাৰণৰ অধিকাৰ আৰু ইচ্ছাৰ বিপৰীতে একো হবলৈ‌ নিদিয়ে মুখ্য কাৰ্যবাহী সদস্য দেৱলাল ঘৰশালাই ।

সাংসদ হৰেন সিং বেই কয় যে কি কাৰনে ডিমা হাছাওৰ বাবে পানী সংৰক্ষণ প্ৰয়োজনীয় ইয়াৰ ওপৰত বিস্তৃত ভাবে আলোচনা কৰে। তাৰোপৰি বিধায়ক হাজগেৰেও পানীৰ গুৰুত্ব তথা প্ৰয়োজনীয়তা সম্পৰ্কে কয় ।

অন্য খবৰৰ বাবে পঢ়ক: কলাইগাঁও বাসীৰ সপোন বাস্তৱায়িত, জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Two storeyed Durga Temple inaugurated at Kharupetia in Darrang

Next Story