Begin typing your search above and press return to search.

অসমীয়া ভাষাৰ সমৃদ্ধিকৰণঃ ৱিকিপিডিয়াত লিখাৰ আহ্বান সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ

অসমীয়া ভাষাৰ সমৃদ্ধিকৰণঃ ৱিকিপিডিয়াত লিখাৰ আহ্বান সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 April 2020 6:22 AM GMT

অসমীয়া ভাষাৰ অধিক সমৃদ্ধিকৰণঃ ৱিকিপিডিয়াত লিখাৰ আহ্বান সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াৰ

অসমীয়া ভাষা-সাহিত্যক অধিক সমৃদ্ধিশালী কৰাৰ বাবে ইণ্টাৰনেটৰ ৱিকিপিডিয়াত ৰচনা-প্ৰৱন্ধ লিখিবলৈ ৰাইজলৈ আহ্বান জনাইছে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই। এই আহ্বান জনাই সাহিত্য একাডেমী বঁটাপ্ৰাপক শইকীয়াই এটা ফে’চবুক আপডেটত কয়, "ইণ্টানেটৰ যুগত অসমীয়া ভাষাটোক ডিজিটেল মাধ্যমত সমৃদ্ধ কৰিবলৈ ৱিকিপিডিয়াত লিখাটো অতি প্ৰয়োজন৷ ২০০২ চনতে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল, কিন্তু আজিকোপতি ইয়াত লিখা মেলা কৰা লোকৰ সংখ্যা যথেষ্ট কম৷ আন ভাৰতীয় ভাষাসমূহৰ লগত ফেৰ মাৰিবলৈ অসম সাহিত্য সভাই অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ বৃদ্ধিৰ বিষয়টোত যথেষ্ট গুৰুত্ব দিছে”৷বিশিষ্ট সাহিত্যিকগৰাকীয়ে আৰু কয়, “

আপোনালোকে সাধ্যানুসাৰে জাতি আৰু ভাষাৰ হকে কাম কৰিবলৈ অসমীয়া ৱিকিপিডিয়াৰ দৰে মাধ্যমসমূহত প্ৰবন্ধ লিখাৰ চেষ্টা কৰিব পাৰে৷ ৱিকিপিডিয়াত আপোনালোকে নতুন নতুন প্ৰবন্ধ যোগ দিব পাৰিব, প্ৰয়োজন হ'লে ইংৰাজীৰ পৰা অনুবাদ কৰিব পাৰিব৷ অসমৰ নানা ঠাইত অসমীয়া ৱিকিপিডিয়াৰ কৰ্মশালা অনুষ্ঠিত কৰাও আমাৰ আন এক পৰিকল্পনা”।

অন্য খবৰৰ বাবে পঢ়ক: এই জটিল সময়ত সংবাদ মাধ্যমে মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে : মুখ্যমন্ত্ৰী সোণোৱাল

ভিডিঅ প্ৰতক্ষ্য কৰক: War against COVID-19: Assam Health Department signs 22 MoUs with private hospitals in Silchar

Next Story
চাকৰি