Begin typing your search above and press return to search.

মহিলা আৰু শিশুসকলৰ কাৰণে এক বিশেষ সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী পৌৰ নিগমে

মহিলা আৰু শিশুসকলৰ কাৰণে এক বিশেষ সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী পৌৰ নিগমে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 July 2019 1:09 PM GMT

মহিলা আৰু শিশুসকলৰ কাৰণে এক বিশেষ সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী পৌৰ নিগমে । মহানগৰীত যিকোনো হোটেল বা ৰেষ্টুৰেন্টত শৌচালয় ব্যৱহাৰ কৰিব পাৰে মহিলা আৰু শিশুয়ে ৷ এইবাৰ সুখবৰ কঢ়িয়াই আনিছে গুৱাহাটী পৌৰ নিগমে ৷ মহানগৰীৰ বাটে–পথে পে এণ্ড ইউজ টয়লেটৰ ব্যৱস্থা আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে ৷ কিন্তু এই টয়লেটৰ ব্যৱস্থাও পৰ্যাপ্ত পৰিমাণে নথকাত বিশেষকৈ মহিলাসকলে বিশেষকৈ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

এইক্ষেত্ৰত শীঘ্ৰেই মহানগৰীত কেইবাটাও ব্যস্ত সাৰ্বজনিক স্থান চিনাক্ত কৰিব গুৱাহাটী পৌৰ নিগমে ৷ আৰু এই স্থানসমূহত শীঘ্ৰেই নতুনকৈ পে এণ্ড ইউজ টয়লেট নিৰ্মাণৰ আশ্বাস দিছে পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকাৰে। মালাকাৰে জনায় যে পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰোঁতে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে মহিলা আৰু শিশুক বিনামূলীয়াকৈ নিজৰ বাথৰুম ব্যৱহাৰ কৰিবলৈ দিয়াৰ চুক্তি স্বীকাৰ কৰে। অৰ্থাৎ মহিলা আৰু শিশুৱে জৰুৰী অৱস্থাত এটকাও আদায় নিদিয়াকৈ বা খাদ্যবস্তু ক্ৰয় নকৰিলেও যিকোনো হোটেল বা ৰেষ্টুৰেণ্টত সোমাই তেওঁলোকৰ বাথৰুম ব্যৱহাৰ কৰিব পাৰে।

লগতে পেট্ৰ’ল পাম্পসমূহতো গ্ৰাহকসকলে তেল ভৰাবলৈ নগলেও যিকোনো লোকে শৌচালয় ব্যৱহাৰ কৰিব পাৰিব ৷ এই নিৰ্দেশনা অনতি পলমে ঘোষণা কৰিব গুৱাহাটী পৌৰ নিগমে৷ ইফালে পূৰ্ৱতে যিকোনো হোটেল বা ৰেষ্টুৰেন্টত সকলো সময়তে যাব নোৱাৰিছিল ৷ কিন্তু সম্প্ৰতি গুৱাহাটী পৌৰ নিগমৰ এই সিদ্ধান্ত মহিলা আৰু শিশুসকলে সকাহ লাভ কৰিব ৷ সম্প্ৰতি গুৱাহাটী মহানগৰীত পৌৰ সভাই বিভিন্ন পদক্ষেপ হাতত লোৱাৰ পিছত এই পদক্ষেপসমূহে কেনেধৰণে বাস্তৱত ৰূপায়িত হ’ব সেয়া হ’ব লক্ষ্যনীয় ৷

গুৱাহাটীৰ পদপথকে ধৰি ভেণ্ডৰ জ’ন, নলা নিষ্কাষনত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে পৌৰ নিগম ।বিক্ৰেতা সকলৰ বাবে নিদিষ্ট ভেণ্ডৰ জ’নৰ ব্যবস্থা নকৰাৰ ফলতে বিক্ৰেতা সকলে যথেষ্ট অসুবিধাৰ মাজেৰে ব্যবসায় কৰিব লগা হৈছে । বিক্ৰেতা সকলে পদ পথ আদিত ব্যৱসায় কৰিব লগা হোৱাত পথচাৰী সকলক মাজতো সমস্যায়ে দেখা দিয়ে । সেয়েহে এই সমস্যা সমূহ সমাধান কৰিবলৈ ভেণ্ডৰ জ’নৰ নিত্যান্তয়ে প্ৰয়োজনীয় হৈ পৰিছে । কিন্তু গুৱাহাটী পৌৰ নিগমে চহৰ খনত ভেণ্ডৰ জ’ন নিৰ্মাণ কৰাত ব্যৰ্থ হৈছে ।

২০১৪ চনৰ প্ৰটেকচন অব লাইভলিহুদ এণ্ড ৰেগুলেচন অব ষ্টিট ভেণ্ডিঙ ( Protection of livelihood & regulation of street vending) ৰ অধিনত পদ পথৰ বিক্ৰেতা সকলৰ বাবে এক নিদিষ্ট স্থানৰ ব্যবস্থা কৰিব লাগে। যত এই বিক্ৰেতা সকলে নিজৰ নাম ৰেজিষ্ট্ৰেচন আৰু চিনাক্তকৰণ কৰি দোকান প্ৰতিস্থা কৰিব পাৰে । ভেণ্ডৰ জ’নৰ জৰীপ ২০১৫ চনৰ এপ্ৰিল মাহতে সমাপ্ত হৈছে কিন্তু আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষয়ে ব্যবস্থা গ্ৰহণ কৰা নাই ।

অধিক খবৰৰ বাবে পঢ়ক : গুৱাহাটীৰ মেট্ৰ ৰেলৰ প্ৰকল্প বাস্তৱত ৰূপায়ণ হ’বনে? নে আধাৰশিলাতে সীমাবদ্ধ হব ?

Next Story
চাকৰি