Begin typing your search above and press return to search.

গুৱাহাটীৰ নীলাচলপুৰ বেজবৰুৱা নগৰত ভূমিস্খলনৰ ঘটনা:কথমপি ৰক্ষা পৰিয়ালৰ লোকৰ

গুৱাহাটীৰ নীলাচলপুৰ বেজবৰুৱা নগৰত ভূমিস্খলনৰ ঘটনা:কথমপি ৰক্ষা পৰিয়ালৰ লোকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2019 10:50 AM GMT

গুৱাহাটীৰ সংঘটিত হৈছে পুনৰ ভুমিস্খলনৰ ঘটনা ৷মংগলবাৰে নিশা প্ৰায় ৯.৩০ বজাত নীলাচলপুৰ বেজবৰুৱা নগৰত পংকজ শৰ্মাৰ গাৰ্ড ৱাল খহি পৰি গৰিন্দ্ৰ নাথ শৰ্মাৰ বাসগৃহৰ ওপৰত পৰে ৷ লগতে বাসগৃহৰ বেৰ খহি পৰে ৷ ইফালে বিয়লি ৬ মান বজাত দেৱালখন খহি পৰিব বুলি সতৰ্ক কৰি দিছিল পংকজ শৰ্মাই ৷ আনহাতে এই ঘটনা সন্দৰ্ভত প্ৰশাসনক খবৰ দিছিল যদিও দেৱাল ভাগি যোৱাৰ পিচতহে আহি পায় আৰক্ষীৰ লোক ৷ ইফালে বৰ্তমানলৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই খবৰ নকৰা বাবে ক্ষোভ প্ৰকাশ কৰে পৰিয়ালে ৷ ভূমি স্খলনৰ সময়ত ৮ জন মানুহ আছিল ঘৰটোত ৷পৰিয়ালৰ লোকসকল কথমপি ৰক্ষা পৰে ঘটনাটোৰ পৰা ৷

সংবাদমাধ্যমৰ সন্মুখত পৰিয়ালৰলোকে ভূমিস্খলন কোনো লোক হতাহতি হোৱা নাই বুলি কয় লগতে ইতিমধ্যে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে খবৰ লৈ সকলোক পৰিয়ালৰ লোকসকলক স্থানান্তৰিত হ’বলৈ কয় বুলি মন্তব্য কৰে। আৰু পৰিয়ালৰ লোকসকলে অনতি পলমে স্থানান্তৰিত হ’ব বুলি কয়। ইফালে এতিয়ালৈকে স্থানীয় বিধায়ক উপস্থিত হোৱা নাই বুলি মন্তব্য কৰিছে ভূমিস্খলন হোৱাৰ পৰিয়ালৰ লোকে ৷ ইফালে বিগত সময়ত গড়চুকত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল ৷ভূমিস্খলনত নাৰায়ণ চাহ নামৰ এজন লোকৰ নিহত হৈছিল ৷নেৰানেপেৰা বৰষুনৰ কাৰৃি বৃহৎ বৃহৎ শিল খহি আহি নাৰায়ণ চাহৰ বাসগৃহত পৰে। ইয়াৰ পিছতে নাৰায়ণ চাদ পত্নী আৰু পুত্ৰ ৰক্ষা পৰে যদিও চাহ গুৰুতৰভাৱে আহত হয় ।

উল্লেখ্য যে গুৱাহাটীত ভূমিস্খলনৰ দৰে ঘটনা নতুন কথা নহয় ৷ প্ৰায়ে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহে। বিগত কিছু দিনৰ পৰা ৰাজ্যত বানৰ সংহাৰী ৰূপ বৃদ্ধি পাইছে ৷ ৰাজ্যত প্ৰায়সমূহ নদীয়ে জলমগ্ন কৰিছে গাঁৱসমূহ। ইফালে গুৱাহাটীত ব্ৰহ্মপুত্ৰ পানীয়ে মহানগৰীৰ কেতবোৰ অঞ্চল সম্প্ৰতি জলমগ্ন কৰি তুলিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বান, গৰাখহনীয়া আৰু ভূমিস্খলনৰ সমস্যা মহানগৰীৰ বাসিন্দাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ধাৰাষাৰ বৰষুনৰ কাৰণে ৰাজ্যৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনদীসমূহত পানী বিপদ সীমাৰ ওপৰেৰে অতিক্ৰম কৰিছে ৷ বানাক্ৰান্তই ধন জন সৰ্বস্ব হেৰুৱাই ওখ ঠাই,শিবিৰত আশ্ৰয় লৈছে ৷ ইয়াৰ বিপৰীতে গুৱাহাটী মহানগৰীতে এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় ৷ পৌৰ নিগমে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলে কৃত্ৰিম বানপানী আৰু গুৱাহাটী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷

অন্য খবৰৰ বাবে পঢ়ক: গড়চুকত সংঘটিত ভূমিস্খলনৰ ঘটনাঃ ১ জন নিহত

Next Story
চাকৰি