উত্তৰ পূব চাহ সমিতিৰ চাহৰ বোনাছৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

উত্তৰ পূব চাহ সমিতিৰ চাহৰ বোনাছৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

উত্তৰ পূব চাহ সমিতিৰ চাহৰ বোনাছৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ৷ অসমৰ চাহ উদ্যোগ সম্প্ৰতি এক বিশেষ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অসমৰ চাহ শ্ৰমিকে ২০ শতাংশৰ পৰিৱৰ্তে পাব ৮.৩৩ শতাংশ ৷ ভাৰতত চাহ খেতিয়ে বিশ্বৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে ৷চাহ খেতিয়ে অসমৰ সামাজিক,আৰ্থিক আদি সকলো ক্ষেত্ৰতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে ৷

অৱশ্যে চাহ উদ্যোগে সম্প্ৰতি তীব্ৰ সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ মঙলবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত কনছালটেটিভ কমিটী অৱ প্লান্টেশ্বন এছ’চিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত নৰ্থ ইষ্টাৰ্ন টী এছ’চিয়েশ্বনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে কয় যে অসমৰ চাহ উদ্যোগলৈ নামি অহা সংকটৰ কাৰণে বোনাছ আইন অনুসৰি চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বোনাছ দিব পাৰে।

কাৰণ চাহ উদ্যোগলৈ নামি অহা ভয়াৱহ সংকটৰ কাৰণে চাহ শ্ৰমিক ২০ শতাংশ বোনাছৰ পৰা বঞ্চিত হ’ব ।ইফালে কনছালটেটিভ কমিটী অৱ প্লান্টেশ্বন এছ’চিয়েশ্বনে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বানিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ত এই সন্দৰ্ভত অনতি পলমে হস্তক্ষেপ বিছাৰিছে ৷এছ’চিয়েশ্বনে কয় যে চাহৰ কাৰণে নূন্যতম বেঞ্চমাৰ্কৰ এটি মূল্য ৰ প্ৰয়োজন ৷ কাৰণ ভাৰতীয় চাহ উৎপাদনত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱদান ৫০ শতাংশৰ ওচৰা - ওচৰি ৷

লগতে চাহ উৎপাদনৰ কাৰণে এটি বিত্তীয় সহায়তাৰ প্ৰয়োজন ৷আনহাতে অসমৰ আঠশখন চাহ বাগিচাত প্ৰয়োজন প্ৰায় আঠশ টা এ টি এম ৷চাহ বাগিচাৰ অঞ্চলৰ চিকিৎসালয় আৰু বিদ্যালয়সমূহ চৰকাৰে শীঘ্ৰে অধিগ্ৰহণ কৰিব লাগে ৷ভাৰতৰ চাহ উদ্যোগত ১.২ নিযুত লোক পোনপটীয়াকৈ জড়িত হৈ আছে ৷ লগতে মুঠ শ্ৰমিকৰ পঞ্চাশ শতাংশ মহিলা ৷

আনহাতে শূন্য বাজেটৰ জৈৱিক বৃদ্ধিৰ আৰম্ভনিৰ বাবে গ্ৰীণ ক্লাইমেন্ট ফাণ্ডৰ প্ৰসাৰণ কৰা,টী গ্ৰান্ট অঞ্চলসমূহ ২০ শতাংশ ভূমিক চাহ বাগিচাবোৰক আন কৃষি বা বাণিজ্যিক ভাৱে ব্যৱহাৰ কৰিবলৈ ভূমি ব্যৱহাৰ নীতিৰ পৰ্যালোচনা কৰা উচিত।

গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰচ প্ৰাইভেট লিমিটেডে গ’ল্ড টি ২ কিলোগ্ৰাম ক্ৰয় কৰে। বিশ্বৰ ভিতৰতে নিলাম কেন্দ্ৰ বিক্ৰী হোৱাৰ ভিতৰত ৫০,০০০ সৰ্বাধিক ।

৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পূৰ্বে পৰ্যন্ত।

চাহ উদ্যোগৰ সংকটৰ কথা উল্লেখ কৰি ভাৰতীয় চাহ নিগমে প্ৰকাশ কৰে যে, ” মিলিয়ন কৰ্মচাৰীৰ চাকৰি নিশ্চিত কৰিবলৈ উদ্যোগটো অসক্ষম । যদিও চাহৰ মূল্য স্থিৰ আছিল , উৎপাদনো বৃদ্ধি পাইছিল কিন্তু চাহ উদ্যোগকাৰী সকল লোকচানত থকাৰ বাবে এই সমস্যাটো সন্মুখীন হৈছে।

” চৰকাৰৰ তৰফৰ পৰা ৩ বছৰৰ পি এফ ( Provident fund) তৎকাল সাহাৰ্য্য হিচাপে প্ৰদান কৰিবলৈ কোৱা হৈছে । উৎপাদনৰ ব্যয়ৰ ভিত্তিত শ্বেয়াৰৰ বাবে নিম্নতম সংৰক্ষণ দৰৰ দাবিও কৰিছে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:Man-Elephant Conflict in Majuli, Many residences destroyed

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com