Begin typing your search above and press return to search.

বিশ্ব অভিলেখ গঢ়ি মাইজান চাহ বাগিছাৰ চাহপাত এক কিলোগ্ৰামত ৭০,৫০১ টকাত বিক্ৰী

বিশ্ব অভিলেখ গঢ়ি মাইজান চাহ বাগিছাৰ চাহপাত এক কিলোগ্ৰামত  ৭০,৫০১ টকাত বিক্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2019 10:32 AM GMT

গুৱাহাটী চাহ নিলাম বজাৰত এক কিলোগ্ৰাম চাহপাত ৫০,০০০ টকাত বিক্ৰী হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে মাইজান চাহ বাগিছাৰ চাহপাতে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ মাইজান চাহ বাগিছাৰ গ'ল্ড টি এক কিলোগ্ৰামত ৭০৫০১ টকাত বিক্ৰী হয়। গুৱাহাটীৰ মুনধ্ৰা চাহ কোম্পানীয়ে মাইজান চাহ বাগিছা ৰ চাহপাত ক্ৰয় কৰে ৭০,৫০১ টকাত । গুৱাহাটী মুনধ্ৰা চাহ কোম্পানীৰ লগতে বেলজিয়ামৰ এটা কোম্পানী ষ্টিভেন প্লাজিয়েৰ আৰু অনলাইন টি ষ্টোৰ এটাৰো অংশ আছে।

মংগলবাৰে ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰাম মনোহাৰী গ’ল্ড টি ৫০,০০০ টকাত বিক্ৰী হৈছিল । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। মঙলবাৰে নিলাম বজাৰত বাগিচাখনৰ প্ৰতি কিলোগ্ৰাম চাহৰ দৰ উঠিল ৫০ হাজাৰ টকালৈ। মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিলে ১ কিলোগ্ৰাম চাহ।

গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰচ প্ৰাইভেট লিমিটেডে গ’ল্ড টি ২ কিলোগ্ৰাম ক্ৰয় কৰে। বিশ্বৰ ভিতৰতে নিলাম কেন্দ্ৰ বিক্ৰী হোৱাৰ ভিতৰত ৫০,০০০ সৰ্বাধিক ।

৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পূৰ্বে পৰ্যন্ত।

এই সন্দৰ্ভত মনোহাৰী চাহ বাগিছাৰ মালিক ৰঞ্জন লোহিয়ায়ে প্ৰকাশ কৰে যে, গ’ল্ড টি উৎপাদনৰ বাবে বতৰ এইবাৰ প্ৰতিকুল আছিল আৰু এই বছৰ মাত্ৰ ৫ কিলোগ্ৰামহে উৎপাদনৰ কৰিব পৰা হৈছে । ” লগতে তেওঁ প্ৰকাশ কৰে যে, ” বতৰৰ বাবে উৎপাদন ভাল হোৱা নাছিল বুলি প্ৰকাশ কৰে ।

অসমৰ চাহ উদ্যোগৰ বাবে নিশ্চিত ভাৱে সু-খবৰ । অসমৰ চাহ ব্যৱসায়ী সকলক ইয়ে যথেষ্ট উৎসাহিত কৰিব। পূৰ্বে ৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত।ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পৰ্যন্ত। এক কিলোগ্ৰাম মনোহাৰী গ’ল্ড টি ৫০,০০০ টকাত বিক্ৰী । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ।

পূৰ্বে চাহ নিলামত অসমৰ ডিব্ৰুগড় জিলাৰ ৰাজন লোহিয়া মালিকাধীন মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গোল্ড চাহে কেজিত ৩৯,০০১ টকা সংগ্ৰহেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।২ কিলো মনোহাৰী চাহ ক্ৰয় কৰে সৌৰভ চাহ ট্ৰেডাৰচে।

অধিক খবৰৰ বাবে পঢ়ক: গুৱাহাটী চাহ নিলাম বজাৰত ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰাম চাহপাত ৫০,০০০ টকাত বিক্ৰী

Next Story
চাকৰি