Begin typing your search above and press return to search.

মাৰ্চ মাহৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰাটো অনিবাৰ্য

মাৰ্চ মাহৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰাটো অনিবাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Feb 2020 7:38 AM GMT

মাৰ্চ মাহৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰাটো অনিবাৰ্য। ১৭ কোটিতকৈ অধিক পেন কাৰ্ড নিষ্ক্ৰিয় হ'ব পাৰে। আগন্তুক মাৰ্চ মাহৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ লগত সংযুক্ত নকৰিলে ১৭ কোটিতকৈ অধিক পেন কাৰ্ড নিষ্ক্ৰিয় হোৱাৰ সম্ভাৱনা আছে।

আয়কৰ বিভাগে কয় যে স্থায়ী একাউণ্ট নম্বৰ অৰ্থাৎ পেন‌ কাৰ্ড নিষ্ক্ৰিয় হ'ব যদিহে ২০২০ চনৰ মাৰ্চ মাহৰ ৩১ তাৰিখৰ আগলৈ ইয়াক আধাৰ কাৰ্ডৰ লগত সংযোগ নকৰে । নিষ্ক্ৰিয় অৰ্থাৎ বিত্তীয় লেন দেশ কৰিব নোৱাৰে য'ত পেন কাৰ্ডৰ অৱশ্যক হয় ।‌

উল্লেখযোগ্য যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ বাবে সময়সীমা বিভিন্ন সময়ত বহু বাৰ আগবঢ়োৱা হৈছে ।এই পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ অন্তিম সময়সীমা ২০২০ চনৰ ৩১ মাৰ্চ ধৰি দিয়া হৈছে‌।

সৰ্বশেষৰ পৰিসংখ্যা অনুসৰি ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখলৈ ইতিমধ্যে ৩০.৭৫ কোটিতকৈ অধিক পেন‌ কাৰ্ড আধাৰ কাৰ্ডৰ লগত সংযোগ কৰা হৈছে । ৰিপোৰ্ট অনুসৰি এতিয়াও ১৭.৫৭ কোটি পেন‌ কাৰ্ড এতিয়াও আধাৰৰ লগত সংযোগ কৰা হোৱা নাই।

উচ্চতম ন্যায়ালয়ে ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আধাৰ কাৰ্ডক সাংবিধানিক ভাৱে বৈধ ঘোষণা কৰিছিল । লগতে কৈছিল যে আয়কৰ ৰিটাৰ্ণ দাখিল আৰু পেন‌ কাৰ্ডৰ আবন্টনৰ বাবে বায়মেট্ৰিক আই ডি‌ অনিবাৰ্য হব ।

দা চেন্ট্ৰেল ব'ৰ্ড অফ ডাইৰেক্ট টেক্স এ কয় যে এজন‌ ব্যক্তি যিয়ে ২০১৭ চনৰ ১ জুলাই লৈ পেন‌ কাৰ্ড আবন্টন কৰিছে আৰু ধাৰা ১৩৯ AA আৰু উপ ধাৰা ২ ৰ অধীনত তেওঁৰ আধাৰ কাৰ্ড সংযুক্ত কৰাটো অনিবাৰ্য। যদি কোনো ব্যক্তিয়ে ২০২০ চনৰ ৩১ মাৰ্চৰ ভিতৰত এই প্ৰক্ৰিয়া কৰাত ব্যৰ্থ হয় তেন্তে ব্যক্তিৰ স্থায়ী একাউণ্ট নম্বৰৰ অধীনত উক্ত তাৰিখ‌ অনুসৰি পেন‌ কাৰ্ড নিষ্ক্ৰিয় হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক : এটিচি বাগিচাৰ মজদুৰ সকলৰ বাবে পকী ঘৰ নিৰ্মানৰ সিদ্ধান্তক মঞ্জুৰী প্ৰদান অসম কেবিনেটৰ

ভিডিঅ প্ৰতক্ষ্য কৰক : International Day of Women and Girls in Science observed at Assam Startup the Nest in Guwahati

Next Story
চাকৰি