Begin typing your search above and press return to search.

খাদ্যৰ সন্মুখত কন্দলত লিপ্ত সিংহৰ জাক: আৰু তাৰ পাছত কি হ’ল?ভিডিঅ’ চাওক

খাদ্যৰ সন্মুখত কন্দলত লিপ্ত সিংহৰ জাক: আৰু তাৰ পাছত কি হ’ল?ভিডিঅ’ চাওক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2019 11:57 AM GMT

সিংহৰ এটি বিশেষ ভিডিঅ’ই সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ এই ভিডিঅ’টি যদি আপুনি প্ৰত্যক্ষ কৰে তেন্তে ইয়াৰ পৰা শিক্ষা পাব পাৰে ৷যে যিকোনো কামত গৰ্ব কৰি লাভ নাই । গৰ্বৰ কাৰণে আমাৰ হাততে পোৱা বস্তু কেতিয়াবা হেৰুৱাব পাৰে। ভাৰতীয় বন বিভাগৰ এগৰাকী বিষয়াই অলপতে ৩০ ছেকেণ্ডৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল ।

Video Credits: Parveen Kaswan

https://twitter.com/ParveenKaswan/status/1168030066325872640

ভিডিঅ’টি আছিল দক্ষিণ আফ্ৰিকাৰ কৰুগাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ৷ ভিডিঅ’টিত দেখা গৈছে যে এটা বনৰীয়া ম’হক আগুৰি ধৰি ভক্ষণ কৰাৰ কাৰণে আগবাঢ়ি আহিল কেইটামান সিংহ ৷ কিন্তু সিংহ কেইটাই চিকাৰৰ কাৰণে আগবাঢ়ি আহি বনৰীয়া ম’হটোৰ কাৰণে কন্দলত লিপ্ত হয় । সেইমুহুৰ্ততে বনৰীয়া বাঘটো শোৱাৰ পৰা উঠি গুচি যায়। মন কৰিব লগা কথা এয়ে যে সিংহ কেইটা এটা বনৰীয়া ম’হৰ কাৰণে কাজিয়া কৰাতেই লিপ্ত থাকে । তেনে সময়তে বনৰীয়া ম’হটো আঁতৰি যায়। যদিও কাজিয়াত লিপ্ত থকা সিংহ কেইটাৰ কোনো ভ্ৰুক্ষেপেই নাই।

পাৰভিন কাৱান নামৰ বন বিষয়াজনে টুইটাৰ যোগে লিখিছে যে এই সিংহ কেইটাই আমাক এটা পাঠ শিকাইছে ৷ তেওঁলোকে খাদ্য সংগ্ৰহ কৰিলে যদিও আটাইৰে মাজত কন্দলত লিপ্ত হয় ৷ তাৰ মাজত খাদ্যৰ কাৰণে থোৱা বনৰীয়া ম’হটো আঁতৰি যায়। ইফালে এই ভিডিঅ’টিয়ী ২১০০০ লাইক লাভ কৰিছে। লগতে এই ভিডিঅ’টি সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিছে। লগতে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: এখন মটৰ চাইকেল:কিন্তু যাত্ৰী ৯ জন: আশ্চৰ্য্য জনগণ

ভিডিঅ প্ৰতক্ষ্য কৰক:Ganesh Chaturthi celebrated in Guwahati City | The Sentinel News | Assam News

Next Story