Begin typing your search above and press return to search.

এখন মটৰ চাইকেল:কিন্তু যাত্ৰী ৯ জন: আশ্চৰ্য্য জনগণ

এখন মটৰ চাইকেল:কিন্তু যাত্ৰী ৯ জন: আশ্চৰ্য্য জনগণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2019 12:05 PM GMT

এখন মটৰ চাইকেলত বাৰু কিমান জন মানুহ উঠিব পাৰে ৷ তিনি জন বা চাৰি জন ৷কিন্তু এইবাৰে সকলোকে আচৰিত কৰি এজন ব্যক্তিৰ এখন মটৰ চাইকেলত পৰিয়ালৰ প্ৰায় সাতজন মানুহৰ লগতে ২ দুটা কুকুৰো উঠি যোৱা দেখা গৈছে । ইতিমধ্যে ইন্টাৰনেটত ভাইৰেল হোৱা এই ভিডিঅ’ই সকলোকে আমোদ দিছে ৷

টুইটাৰত ৰিচাৰ্ড কুপাৰ নামৰ এজন ব্যক্তিয়ে মটৰ চাইকেল আৰোহীজনৰ সৈতে শ্বেয়াৰ কৰা ভিডিঅ’টিত এটা পৰিয়ালৰ পত্নী, পুত্ৰ আৰু কুকুৰৰ সহিতে লৈ যোৱা দেখা গৈছে। বাহনখনত চালক অৰ্থাৎ দেউতাকৰ সন্মুখত বঢ়িছে দুটা শিশু,দেউতাকৰ পিছফালে বঢ়িছে পত্নী আৰু পিছত বঢ়িছে দুজন শিশু। লগতে বাহনখনত কুকুৰ দুটাও কোনো ধৰণৰ অসুবিধা নোপাোৱাকৈ বহি গৈছে। আৰু আনটো কুকুৰ একেবাৰে সন্মুখত বহা শিশুটোৰ লগত দেখা গৈছে ৷

Video Credits: Rishad Cooper(Twitter)

[embed]https://twitter.com/i/status/1166931979138260994[/embed]

আনহাতে , ভাইৰেল হোৱা ভিডিঅ’টিত টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে এইয়া কেৱল ভাৰতত সম্ভৱ ৷ উল্লেখ্য যে এখন বাহনত হিছাপতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়া এইয়াই নতুন কথা নহয় ৷পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছে। অলপতে এখন অ’টোত ২৪ জন যাত্ৰী উঠাৰ প্ৰমাণ আছে ৷ গতিকে এনে ধৰণে পৰিমাণতকৈ অধিক যাত্ৰী উঠাই কেতিয়াও জীৱনটোক যিকোনো দুৰ্ঘটনাৰ সন্মুখলৈ ঠেলী দিব নালাগে ৷

অন্য খবৰৰ বাবে পঢ়ক: শাৰীৰিক ব্যায়াম কৰি ৮০ ফিট তললৈ পৰিল মেক্সিকোৰ যুৱতী:কিন্তু তাৰ পিছত কি হ’ল?

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam NRC 2019 Final List: Mangaldai Nagarik Manch addresses media | The Sentinel News | Assam News

Next Story
চাকৰি