শাৰীৰিক ব্যায়াম কৰি ৮০ ফিট তললৈ পৰিল মেক্সিকোৰ যুৱতী:কিন্তু তাৰ পিছত কি হ’ল?

শাৰীৰিক ব্যায়াম কৰি ৮০ ফিট তললৈ পৰিল মেক্সিকোৰ যুৱতী:কিন্তু তাৰ পিছত কি হ’ল?

শাৰীৰিক ব্যায়াম কৰি ৮০ ফিট তললৈ পৰিল মেক্সিকোৰ যুৱতী ৷ মেক্সিকো ঘটিল এক হৃহয় বিদাৰক ঘটনা। এগৰাকী যুৱতীয়ে শাৰীৰিক ব্যায়াম কৰি থাঁকোতে ৮০ ফিট ওপৰৰ পৰা তললৈ পৰে। ইয়াৰ পিছত সেই ঠাইখনত সৃষ্টি হৈছে এক হুলস্থুলীয়া পৰিবেশ ৷ ইফালে মেক্সিকোৰ এই যুৱতীগৰাকীৰ নাম হৈছে এলেক্সা টেৰেজচ। এলেক্সাই বেলকনীৰ কাষত শাৰীৰিক ব্যায়াম তথা য়োগাৰ মুদ্ৰাৰ অভ্যাস কৰি থাকোঁতে হঠাতে তললৈ সৰি পৰে ৷

আনহাতে বেলকনীৰ পৰা তললৈ পৰা সময়ৰ এলেক্সাৰ ফটো টুইটাৰত ভাইৰেল হৈ পৰিছে ৷ ইফালে বেলকনীৰ পৰা তললৈ পৰাৰ পিছতে এলেক্সাক স্থানীয় এখন চিকিৎসালয়লৈ লৈ যায়। অতি সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা এলেক্সাক প্ৰায় ১১ ঘন্টা ধৰি চাৰ্জাৰী কৰে। আৰু সোমবাৰলৈকে চিকিৎসকে এলেক্সাৰ অৱস্থা সংকটজনক বুলি কয় ৷

চিকিৎসকে এলেক্সাৰ হাত,ভৰি,মূৰ আদি বিভিন্ন ঠাইত গুৰুতৰ আঘাত পাইছে বুলি কয়। লগতে এলেক্সাৰ ভৰি পুনৰ সংস্থাপিত কৰাৰ কাৰণে প্ৰায় তিনি বছৰলৈকে খোজ কাঢ়িব নোৱাৰিব বুলি কয়। আনহাতে য়োগ কৰোতে এলেক্সাৰ এইয়াই প্ৰথম ষ্টান্ট নহয় ৷পূৰ্বতেও এলেক্সাই এনেধৰণৰ ষ্টান্ট কৰিছিল বুলি জনায় যুৱতীগৰাকীৰ বন্ধু বান্ধৱীসকলে ৷ কিন্তু যিয়েই নহওঁক য়োগ কৰোঁতেই হওঁক বা আন যিকোনো সময়তে হওঁক ৷ যিকোনো ঠাইত য়োগা,ব্যায়াম কৰোঁতে সাৱধান হওঁক ৷ কাৰণ দুৰ্ঘটনা কেতিয়া সংঘটিত হয় সেয়া কোনেও নাজানে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:NRC hearing ahead of Final Publication creates sensation in Biswanath

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com