Begin typing your search above and press return to search.

১৪ এপ্ৰিলৰ পাছত লক-ডাউন থাকিবনে, সংবাদমেলত কি ক’লে মন্ত্ৰী শৰ্মাই

১৪ এপ্ৰিলৰ পাছত লক-ডাউন থাকিবনে, সংবাদমেলত কি ক’লে মন্ত্ৰী শৰ্মাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 April 2020 10:53 AM GMT

১৪ এপ্ৰিলৰ পাছত লক-ডাউন থাকিবনে, সংবাদমেলত কি ক’লে মন্ত্ৰী শৰ্মাই

মহামাৰী ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা দেশজোৰা তলাবন্ধ বা লক-ডাউন কি হ’ব স্বাভাৱিকতে বহুতৰে মাজত ইয়াকে লৈ চৰ্চা চলি আছে। আন বহুতে আকৌ লক-ডাউনৰ সময় বৃদ্ধিৰ পোষকতা কৰিছে। ইয়াৰ কাৰণ হৈছে সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰ’না ভাইৰাছৰ প্ৰাদু্ৰ্ভাৱ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বৰ্তমানলৈকে ৰাজ্যত এই মহামাৰীত ২৫ জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। সেয়েহে বহুতে বৃদ্ধিৰ পোষকতা কৰি আহিছে। ফলত ইয়াকে লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এনে অৱস্থাতে শনিবাৰে এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় য়ে ১৪ এপ্ৰিলৰ পাছত লক-ডাউন প্ৰত্যাহাৰৰ সম্ভাৱনা আছে। কিন্তু সীমিত পৰিসৰতহে লক-ডাউন প্ৰত্যাহাৰ কৰা হব পাৰে। অৰ্থাত্ বৰ্তমানৰ দৰে আন বহু ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল থাকিব। অন্ততঃ জুনলৈকে এনে নিষেধাজ্ঞা অব্যাহত ৰখাৰ সম্ভাৱনা প্ৰকাশ পাইছে। সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয়,“ ১৪ এপ্ৰিলৰ পাছতো অসমত চিনেমা হল , বিশ্ববিদ্যালয় , বিদ্যালয় , সাপ্তাহিক বজাৰসমূহকে ধৰি আৰু বহুতো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰখাৰ সম্ভাৱনা আছে । বজাৰসমূহ বন্ধ ৰাখি দোকানসমূহ খোলা ৰখাৰ সময় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । যাতে জন-সমাগম কম হয় । ঠিক সেইদৰে চৰকাৰী কাৰ্যালয়সমূহতো বহু নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে”। লক্ষ্যণীয়ে যে য়োৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ১৪ এপ্ৰিলত লক-ডাউন আংশিকৰূপে প্ৰত্যাহাৰৰ ইংগিত দিয়ে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰীবৰ্গৰ সৈতে হোৱা এক ভিডিঅ’ কনফাৰেন্সিং মত-বিনিময়ত এই কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে অহা ১৪ এপ্ৰিলৰ পাছতো দেশবাসীৰ জীৱনযাত্ৰা পূ্ৰ্বৰ লেখীয়াকৈ স্বাভাৱিক নহ’ব। ঘৰৰ বাহিৰলৈ পূৰ্বৰ সকলো লোক ওলোৱাত বাধা-নিষেধ থাকিব। মাথোঁ একাংশ সেৱাৰ সৈতে জড়িত ব্যক্তিয়েহে উলাব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে ইংগিত দিয়ে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰাৰ আগে আগে একাংশ উদ্যোগ-প্ৰতিষ্ঠানে তলাবন্ধৰ ফলত ব্যাপক লোকচান ভৰাৰ অজুহাত প্ৰদৰ্শন কৰি কাম আৰম্ভ কৰাৰ অনুমতি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ এই ঘোষণাক লৈ কেতবোৰ পক্ষই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰণ দেশত ক’ৰ’না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় আছে। নগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু মেঘালয়কে ধৰি মাথোঁ কেইখনমান ৰাজ্যক বাদ দি সকলো ৰাজ্যতে এই মহামাৰীত আক্ৰান্ত লোক আছে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’না মহামাৰীঃ দেশত মাথোঁ ২৪ ঘণ্টাত ২৯শলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি