Begin typing your search above and press return to search.

আছৰিত: এটা ছাগলীৰ মৃত্যত ২.৬৮ কোটি টকাৰ ক্ষতি

আছৰিত: এটা ছাগলীৰ মৃত্যত ২.৬৮ কোটি টকাৰ ক্ষতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2019 12:28 PM GMT

এটা ছাগলীৰ মৃত্যুৱে আপোনালৈ বাৰু কিমান টকাৰ ক্ষতি কৰে ৷হয়তো ১০,০০০ টকাৰ ভিতৰত ৷ কিন্তু এইবাৰ এটা ছাগলীৰ মৃত্যু হোৱাৰ বিনিময়ত ক্ষতি হ’ল ২.৬৮ কোটি টকা ৷ এই ক্ষতিৰ জৰিমনা পৰিশোধ কৰিব লগা হৈছে মহানদী কোলফীল্ড লিমিটেডে ৷ বিভাগীয় কৰ্তৃপক্ষৰ মত অনুসৰি উৰিষ্যাত তালচেৰ কোলফীল্ডছ অঞ্চলত এটা ছাগলীৰ মৃত্যু হয় ৷ ইয়াৰ পিছত উক্ত অঞ্চলটোৰ জনসাধাৰণৰ মাজত বিৰোধৰ সৃষ্টি হয় আৰু লোকসকলে বিৰোধ প্ৰদৰ্শন কৰে ৷ আৰু ক্ষতি হয় ২.৬৮ কোটি টকা ।

ইফালে ছাগলীটোৰ মৃত্যুৰ কাৰণে তালচেৰ কোলফীল্ডছত জগন্নাথ চিডিংগছত কয়লা পৰিবহনত বাধা দিয়ে যাৰ কাৰণম বহু লোকচানৰ সন্মুখীন হয় ব্যৱসায়ী সকল ।দৰাচলতে ঘটনাটো এনেধৰণৰ কয়লা অনা নিয়া কৰা এখল ট্ৰাকে এটা ছাগলীক খুন্দা মৰাৰ পিছত মৃত্য হয় ছাগলীটোৰ । ইয়াৰ পিছত সেই অঞ্চলৰ স্থানীয় লোকসকলে খঙত একো নাই হৈ বিৰোধ প্ৰদৰ্শন কৰি ৬০ হাজাৰ টকাৰ দাবী কৰে। নিষিদ্ধ অঞ্চলৰ পৰা কয়লা সৰবৰাহ কৰা অঞ্চলত ছাগলীটোৰ মৃত্যুৰ পিছতে স্থানীয় লোকসকলে প্ৰতিবাদ কৰে ৷

লগতে তেওঁলোকে কেৱল প্ৰতিবাদ কৰাই নহয় তালচেৰ কোলফীল্ডছৰ জগন্নাথ চিডিংগছ এক আৰু ২ ত চলি থকা কাম সমূহ বলপূৰ্বকভাৱে ৰখাই দিয়ে ৷ইয়াৰ পিছতে উচ্চ পদস্থ বিষয়াসকল আৰু আৰক্ষীৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ পিছত আকৌ কাম আৰম্ভ হয়। লগতে কম্পনীৰ কাম ৩.৩০ ঘন্টাতকৈও অধিক সময় বন্ধ হৈ থকাৰ ফলত ১.৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়। ৰেল বিভাগেও ১.২৮ কোটি লোকচানৰ সন্মুখীন হোৱাৰ লগতে চৰকাৰে ৪৬ লাখ টকা লোকচানৰ সন্মুখীন হয় ।

অন্য খবৰৰ বাবে পঢ়ক: ডুবাইত ভ্ৰমন কৰি নোপোৱা এজন যুৱক , যিয়ে আবু ডুবাইত লাভ কৰিলে ২৩ কোটি টকা

ভিডিঅ প্ৰতক্ষ্য কৰক:Two youth charged with human trafficking in Haryana, Police Rescued Two

Next Story
চাকৰি