সন্দেহৰ বশৰ্ৱতী হৈ প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক

সন্দেহৰ বশৰ্ৱতী হৈ প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক

সন্দেহৰ বশৰ্ৱতী হৈ প্ৰেমিকে হত্যা কৰিলে প্ৰেমিকাক ৷ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নাগপুৰত ৷ সন্দেহৰ বশৱৰ্তী হৈয়ে সংঘটিত হৈছে এই হত্যাকাণ্ডটো ৷ নাগপুৰৰ ১৯ বছৰীয়া খুশী পৰিহাৰ আৰু আশ্ৰফ শেইখ সম্পৰ্কত প্ৰেমিক প্ৰেমিকা ৷কিন্তু চৰিত্ৰত সন্দেহ কৰি আশ্ৰফে হত্যা কৰে খুশীক ৷সম্প্ৰতি আৰক্ষীয়ে আশ্ৰফক গ্ৰেপ্তাৰ কৰিছে ৷

নাগপুৰৰ এগৰাকী আৰক্ষী বিষয়াই কোৱা অনুসৰি শনিবাৰে পন্ধুৰনা নাগপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ছ’চিযেল মিডিয়াৰ জৰিয়তে উদ্ধাৰ হোৱা মৃতদেহটো খুশী পৰিহাৰ বুলি চিনাক্ত কৰে ৷ ইফালে খুশীয়ে স্থানীয় বিভিন্ন ফেশ্বন শ্ব’ত ভাগ লৈছিল আৰু অনাগত দিনত এগৰাকী সফল মডেল হোৱাৰ সপোন দেখিছিল ৷কিন্তু খুশীৰ সপোন সপোন হৈয়ে ৰ’ল ৷

অন্যহাতে গ্ৰেপ্তাৰ কৰা পিছত আশ্ৰফ শ্বেইখে খুশী পৰিহাৰক হত্যা কৰা বুলি স্বীকাৰ কৰিছে ৷ কাৰণ খুশীয়ে বিভিন্ন যুৱকৰ সৈতে নিকট সম্পৰ্ক ৰাখিছিল ৷ গতিকে খুশীৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰিছিল আশ্ৰফে ৷ইফালে এজন বিষয়াই মন্তব্য অনুসৰি ১২ জুলাইত আশ্ৰফ শেইখে নিজৰ গাড়ীত খুশীৰ লগত ভ্ৰমণলৈ যায় ৷

ইয়াৰ পিছত পন্ধুৰানা নাগপুৰ ঘাইপথত মূৰত আঘাত কৰি হত্যা কৰে খুশীক ৷ সম্প্ৰতি এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে নাগপুৰ আৰক্ষীয়ে ৷লগতে সকলো যাৱতীয় তথ্যৰে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com