মহিলাৰ নৃত্যৰ আনন্দ লৈ বিপদত পৰিল উত্তৰাখণ্ডৰ বিধায়ক প্ৰণৱ সিং চেম্পিয়ন

উত্তৰাখণ্ডৰ এজন বিধায়কৰ নতুন বিপদ। উত্তৰাখণ্ডৰ খানপুৰৰ বিধায়ক প্ৰণৱ সিঙ চেম্পিয়নৰ এটি বিশেষ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত এগৰাকী মহিলাৰ নৃত্য উপভোগ কৰি থকা দেখা গৈছে বিধায়ক চেম্পিয়নক ৷ লগতে আছে তেওঁৰ সহকৰ্মী ৷
বিধায়ক প্ৰণৱ সিং চেম্পিয়নেও হাঁহিমুখে নৃত্যৰ আনন্দে লৈছে ৷কিন্তু উত্তৰাখণ্ডৰ বিধায়ক প্ৰণৱ সিং চেম্পিয়নৰ সেই আনন্দই যেন কাল অমানিষা কঢ়িয়াই আনিলে তেওঁৰ জীৱনলৈ ৷ কাৰণ ভিডিঅ’টি ভাইৰেল হোৱাৰ পিছত বিজেপিৰ পৰা বহিস্কাৰ কৰিছে বিধায়ক প্ৰণৱ সিং চেম্পিয়নক ৷ অন্যহাতে বিধায়ক প্ৰণৱ সিং চেম্পিয়নে এই সন্দৰ্ভত মন্তব্য কৰিছে যে এইটো চাৰি বছৰ পুৰণি ভিডিঅ’৷
মোৰ অতীতক সংবাদ মাধ্যমে কিয় খুচৰি আছে ৷মই এতিয়ালৈকে চাৰি বাৰ বিধায়ক হিছাপে নিৰ্বাচিত হৈ আহিছো ৷ মই মোৰ সমষ্টিৰ জনগণৰ কাৰণে সকলো কৰিছোঁ ৷ কিন্তু সংবাদ মাধ্যমে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিছে ৷ গতিকে বিধায়ক প্ৰণৱ সিং চেম্পিয়নৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে এই মন্তব্য উল্লেখ্য হৈ পৰিছে ৷
অন্য খবৰৰ বাবে পঢ়ক: মানৱতা: পাকিস্তানৰ নৈৰে উটি অহা শিশুৰ মৃতদেহ পাকিস্তানী সেনাক অৰ্পণ ভাৰতীয় সেনাৰ