Begin typing your search above and press return to search.

মাধৱদেৱ কলাক্ষেত্ৰৰ স্থাপনৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া জনসাধাৰণৰ

মাধৱদেৱ কলাক্ষেত্ৰৰ স্থাপনৰ ক্ষেত্ৰত বিশেষ প্ৰতিক্ৰিয়া জনসাধাৰণৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2019 8:43 AM GMT

মাধৱদেৱ কলাক্ষেত্ৰৰ সম্পূৰ্ণ যাৱতীয় কাম অনতি পলমে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰিছে লক্ষীমপুৰ বাসীৰ লগতে ৰাজ্যবাসীয়ে । মহাপুৰুষ মাধৱদেৱৰ তিথিৰ প্ৰাকমুহুৰ্তত যাতে এই পৰিযোজনা সম্পন্ন হয়,তাৰেই আশা প্ৰকাশ কৰিছে জনসাধাৰণে। ২০০৭ চনৰ ২৩ মাৰ্চৰ এই আঁচনিৰ উদ্বোধন কৰিছে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰণ গগৈয়ে ৷

ৰাজ্যৰ সাংস্কৃতিক বিভাগে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷কিন্তু বিভিন্ন কাৰণত এই পৰিকল্পনা বিগত বছৰত সম্পূৰ্ণ ন’হল ।এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি বিগত বছৰত কংগ্ৰেছ চৰকাৰৰ দিনত এই আঁচনিৰ কাম ৫০ শতাংশও সম্পূৰ্ণ ন’হল।ইয়াৰ পিছত বিজেপিৰ মিত্ৰজোটঁৰ চৰকাৰে ৰাজ্যৰ পি ডব্লিউ ডি বিভাগত এই আঁচনিৰ সমগ্ৰ দায়িত্ব অৰ্পণ কৰিবলৈ সিদ্ধান্ত লয় ৷

প্ৰায় ৩১ কোটি টকা ব্যয় হোৱা এই আঁচনিত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱন আৰু কাৰ্যৰ ওপৰত কেন্দ্ৰিত হ’ব ৷ লগতে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আধাৰত শ্ৰী শ্ৰী মাধৱদেৱৰ কলাক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব। আনহাতে এই কলাক্ষেত্ৰ স্থাপন কৰা হ’ব লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী বাদল পদ্ম আতা সত্ৰৰ ভূমিত ৷

লগতে এই কলাক্ষেত্ৰত এটা সভাঘৰ,মঞ্চৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰা ঘৰ আৰু কণ কণ শিশুসকলৰ পাৰ্কও স্থাপন কৰা হ’ব। এই সন্দৰ্ভত পিডব্লিউডিৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় আৰু পৰিকল্পনাটোৰ সন্দৰ্ভত প্ৰতিনিধিসকলৰ লগত মত বিনিময় কৰে।

অন্য খবৰৰ বাবে পঢ়ক:কবি নীলমণি ফুকনক বিশেষ সন্মান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Sri Sri Madhav Dev Tithi observed across the state

Next Story
চাকৰি