মাজুলীৰ ৰ’ ৰ’ জাহাজসমূহৰ সাম্প্ৰতিক অৱস্থা

মাজুলীৰ ৰ’ ৰ’ জাহাজসমূহৰ সাম্প্ৰতিক অৱস্থা

যাত্ৰীসকলৰ মাজত মাজুলীৰ কমলাবাৰী আৰু নিমাতীঘাটৰ মাজত চলাচল কৰা ৰ-ৰ জাহাজ ২০১৮ চনৰ পৰা ১১ অক্টোবৰতেই আৰম্ভ হ’ল যদিও বিগত পাঁচ মাহে ব্যৱহাৰৰ উপযোগী হৈ নুঠিল ৷ কিন্তু পৰিতাপৰ কথা যে এই পৰ্যন্ত কোনেও কোৱা নাই যে এই ৰ’ ৰ’ জাহাজ কিয় ব্যৱহাৰ কৰা হোৱা নাই।

কিছুমানে এই জাহাজসমূহৰ যান্ত্ৰিক বিজুতিৰ কথা কয় যদিও এই ৰ’ ৰ’ জাহাজসমূহক ব্যৱহাৰ নকৰাটো গুৰুত্বপূৰ্ণ কথা ৷ কাৰণ এই ৱেচেল সমূহ ক্ৰয় কৰা হৈছিল ১০ কোটি টকাত। যদি এই ৰ’ৰ’ জাহাজসমূহ যান্ত্ৰিক বিজুতিৰ কাৰণে বিকল হৈ পৰি আছে তেন্তে প্ৰশ্ন হয়,যে বিগত পাঁচ মাহে কিয় মেৰামতি কৰা নাই?লগতে প্ৰশ্ন হয় যে যিটো কম্পেনীৰ পৰা ৰ’ ৰ’ জাহাজসমূহ ক্ৰয় কৰা হৈছিল, সেই কম্পেনীৰ পৰা গেৰান্টীৰ এগ্ৰীমেন্ট কৰিছিল নে?

যদি কোনো প্ৰাথমিক বিসংগতিৰ কাৰণে জাহাজসমূহ বিকল হৈ আছে তেন্তে সেয়া প্ৰাধিকৰণৰ উপেক্ষা কাৰণেই হৈছে ৷ কাৰণ প্ৰায় ১০ কোটি টকাৰ মূল্যৰ জাহাজ ক্ৰয় কৰা প্ৰাকমূহুৰ্তত প্ৰাধিকৰণে সকলো যাৱতীয় সকলো কামৰ লগতে জাহাজসমূহক পুংখানুপুংখভাৱে কিয় পৰ্যবেক্ষণ কৰা হোৱা নাছিল? আনহাতে এই জাহাজসমূহে প্ৰায় ১০০ জন যাত্ৰীক কঢ়িয়াই নিয়াৰ লগতে ২৫ খন সৰু গাড়ী আৰু আঠখন ট্ৰাক কঢ়িয়াই নিব পৰা ক্ষমতা আছে ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই জাহাজসমূহ উদ্বোধন কৰি কৈছিল যে এই জাহাজ সমূহে মাজুলীৰ পৰিবহনলৈ এক নতুন গতি প্ৰদান কৰিব ৷ ইয়াৰ দ্বাৰা সাধাৰণ মানুহৰ লগতে নদীদ্বীপটোৰ ব্যৱসায়িক ক্ষেত্ৰখনতো নতুন মাত্ৰা প্ৰদান কৰিব। গতিকে বিভাগীয় কৰ্তৃপক্ষই কিয় এই ৰ’ৰ’ জাহাজসমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই ? কাৰণ ৰ’ ৰ’ জাহাজসমূহৰ ক্ষেত্ৰত মাজুলীবাসীৰ মাজত প্ৰশ্ন আৰু ক্ষোভৰ উদগীৰণ হৈছে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Titabor Women staged massive protest against Micro Finance Companies

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com